ৰঙাপৰাত সদৌ অসম ভোজপুৰী পৰিষদৰ ষষ্ঠতম্ ত্ৰি-বাৰ্ষিককেন্দ্ৰীয় অধিৱেশন

বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম ভোজপুৰী পৰিষদৰ ষষ্ঠত্বম ত্রি-বার্ষিক কেন্দ্রীয় অধিৱেশন। অধিৱেশনৰ লগত সংগতি ৰাখি আজি অন্তিম দিনা বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াওৱা হয়।

author-image
Asomiya Pratidin
New Update
sfsf

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম ভোজপুৰী পৰিষদৰ ষষ্ঠত্বম ত্রি-বার্ষিক কেন্দ্রীয় অধিৱেশন। অধিৱেশনৰ লগত সংগতি ৰাখি আজি অন্তিম দিনা বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াওৱা হয়।

সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৈলাশ কুমাৰ গুপ্তাই সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰাৰ পিছতে ৰঙাপৰাৰ ঐতিহাসিক শিৱ মন্দিৰ প্ৰাংগনৰ পৰা বিশাল শোভাযাত্ৰা সমগ্ৰ চহৰখন পৰিভ্ৰমণ কৰি ফুলবাৰী চাহ বাগিচাৰ অধিৱেশনস্থলীত সামৰণি পৰে।

জামুগুৰিহাট