খাদ্যত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু, চিকিৎসাধীন ৪ গৰাকী

খাদ্যত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু, চিকিৎসাধীন ৪ গৰাকী

author-image
Asomiya Pratidin
New Update
খাদ্যত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু, চিকিৎসাধীন ৪ গৰাকী

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত খাদ্যত বিষক্ৰিয়া হৈ একেটা পৰিয়ালৰ ৫ জন লোক চিকিৎসাধীন হয়। ইয়াৰ ভিতৰত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লয় এগৰাকী কিশোৰীয়ে।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি ৯ জুনত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰজুলি চাহ বাগিচাৰ ১৭ নং শ্ৰমিক লাইনৰ নিৱাসী হৰেন ভূমিজে বজাৰৰ পৰা মুৰ্গী আৰু মাছ ক্ৰয় কৰি আনিছিল। মুৰ্গী মাংস আৰু মাছৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰাৰ পাছতে হঠাৎ ৫ জন লোক গুৰুতৰভাবে অসুস্থ হৈ পৰে।

ইফালে বৰজুলি চাহ বাগিচাৰ হৰেন ভূমিজ, তেখেতৰ পত্নী অস্তমি ৰাজগড়, কন্যা প্ৰীতি ভূমিজ, ৰিতা ভূমিজ আৰু বিভা ভূমিজে অতিপাত শৌচ হ'বলৈ ধৰাত নিশাই আটাইকেইজনকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে।

চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসাধীন হৈ থকা পৰিয়াটোৰ কনিষ্ঠ কন্যা বিভা ভূমিজে (১৩) আজি অকাল মৃত্যুক সাৱতি লয়। ইফালে হৰেন ভূমিজৰ পৰিয়ালটো এতিয়াও উক্ত চিকিৎসালয়খনতে চিকিৎসাধীন হৈ আছে।

কিশোৰী গৰাকীৰ মৃত্যু হোৱাৰ পাছত আজি ৰঙাপৰা বৰজুলি চাহ বাগিচাৰ ১৭ নং লাইনত তেজপুৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক গৰাকী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়। তাৰোপৰি স্বাস্থ্য বিভাগৰ দলটোৱে মৃত বিভা ভূমিজৰ শৌচ আৰু তেজৰ নমুনা সংগ্ৰহ কৰে৷ ৰঙাপৰা স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক ডা° ভাস্কৰ জ্যোতি কাকতি ইতিমধ্যে চাহ বাগিচাখনত উপস্থিত হৈ ঘটনাৰ বুজ লৈছে।

Also Read: বৰহোলাত আন্তৰ্জাতিক শিশু শ্ৰম বিৰোধী দিৱস উপলক্ষে সজাগতা সভা সম্পন্ন...

food poisoning Rangapara