/asomiyapratidin/media/media_files/2025/07/12/dfdfdf-2025-07-12-14-54-25.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰঙাপৰাত শুকুৰবাৰে নিশা সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ ৰঙাপৰা দলঙৰ সমীপত সংঘটিত এই গুলীচালনাৰ ঘটনাত আহত হয় এজন যুৱক ৷ আহত যুৱকজনৰ নাম শ্ৰাৱন কৰ্মকাৰ বুলি জানিব পৰা গৈছে ৷ আহত যুৱকজনৰ ঘৰ মইনাজুলি চাহ বাগিচাৰ ১৫ নং লাইনত৷ যুৱকজনৰ মুৰত গুলী লগাৰ ফলত যুৱকজন গুৰুত্বভাৱে আহত হয় ৷ নিশাই আহত যুৱকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমান যুৱকজন সংকট মুক্ত বুলি জানিব পৰা গৈছে ৷
উল্লেখযোগ্য যে, ১০ নং ৱাৰ্ডৰ ৱাছিৰ খান নামৰ য়ুৱকজনৰ বিৰুদ্ধে গুলীচালনা অভিযোগ উত্থাপন হৈছে ৷ শ্ৰাৱন কৰ্মকাৰে নিশা গাড়ীৰ পৰা সামগ্ৰী নমাই থকা সময়ত মুৰৰ পাছফালে বন্দুক লগাইছিল যুৱকজনে ৷ পুৱা একাংশ লোক ৱাছিৰ খানৰ বাসগৃহত উপস্থিত হোৱাত ৱাছিৰ খানে গুলীচালনা কৰি গুলিয়াই মৰিম বুলি ভাবুকি প্ৰদান কৰে ৷ নিশা কি কাৰণত গুলিচালনা কৰিবলগীয়া হ’ল ইয়াৰ তদন্ত বিচাৰিছে ৰাইজে। আনহাতে, আহত শ্ৰাৱন কৰ্মকাৰৰ পিতৃয়ে ৰঙাপৰা থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ ইতিমধ্যে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে ৱাছিৰ খানক।