/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/b6a780c0-8b2c-43e4-8019-2571e4c9d743.jpg)
ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও কলংৰ বাকৰি নেহৰুবালীত আজিৰে পৰা আমটা্ৰ উদ্যোগত পোন্ধৰ দিনীয়া এক ৰঙালী মেগা ফেষ্টিভেলৰ আয়োজন কৰা হৈছে ৷ আগন্তুক ৰঙালী বিহুৰ প্ৰাকক্ষণত আমটা্ৰ আয়োজক মণ্ডলিয়ে এই মেগা ফেষ্টিভেলৰ লগত সংগতি ৰাখি বিভিন্ন জনজাতীয় খাদ্য সম্ভাৰেৰে এখনি খাদ্য মেলাৰো আয়োজন কৰাৰ ওপৰি অসমৰ লগতে ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা মহিলা পুৰুষৰ কাপোৰ,ঘৰুৱা সামগ্ৰী,জুৱেলাৰী,আজবাব সামগ্ৰী,অত্যাধুনিক সামগ্ৰী,শিশু উদ্যান আদি বিপনীয়ে ৷
আজি সন্ধিয়া মেগা ফেষ্টিভেল খনি শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথে ৷ অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে নগাঁও ছোৱালী মহাবিদ্যালয় অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ অমিয়া পাটৰে ৷
হিমাশ্ৰী বৰাই আতঁধৰা অনুষ্ঠানটিত উপস্থিত থাকে নগাঁৱৰ বিশিষ্ট সৌন্দৰ্য বিশেষজ্ঞা ৱাছিফা ইয়াছমিন হাজৰিকাৰ লগতে অন্যান্য ব্যক্তি সকল উপস্থিত থাকে বুলি আয়োজক সমিতিৰ সভাপতি নিৰুপম বৰা আৰু সম্পাদক নৃত্যৰঞ্জন গোস্বামীয়ে জানিব দিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us