গোলাঘাটৰ গুৰুকুল গ্লৱেল একাডেমীত ৰঙালী বিহুৰ কাৰ্যসূচী উদযাপন

সাতবিহু পাৰ হ’ল যদিও প্ৰতি বৰ্ষৰ দৰে এইবাৰো গোলাঘাটৰ দ’গাঁওস্থিত গোলাঘাট গুৰুকুল গ্ল’ৱেল একাডেমীত শনিবাৰে দিনজোৰা কায্যসূচীৰে অসমীয়াৰ প্ৰাণৰো প্ৰাণ ৰঙালী বিহুটি উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
গোলাঘাটৰ গুৰুকুল গ্লৱেল একাডেমিত ৰঙালী বিহুৰ কাৰ্যসূচী উদযাপন

ডিজিটেল সংবাদ, গোলাঘাট : ব'হাগ মাহটোৱেই অসমীয়াৰ বিহু পালনৰ সময় ৷ সাতবিহু পাৰ হ’ল যদিও প্ৰতি বৰ্ষৰ দৰে এইবাৰো গোলাঘাটৰ দ’গাঁওস্থিত গোলাঘাট গুৰুকুল গ্ল’ৱেল একাডেমীত শনিবাৰে দিনজোৰা কায্যসূচীৰে অসমীয়াৰ প্ৰাণৰো প্ৰাণ ৰঙালী বিহুটি উদযাপন কৰা হয় ৷

এই উদ্দেশ্যে পুৱা বিদ্যালয়ৰ শিক্ষয়িত্ৰীদ্বয় প্ৰজ্ঞাশ্ৰী পূজাৰী আৰু চয়নিকা বৰুৱাই আঁত ধৰা অনুষ্ঠানত বিদ্যালয়ৰ সঞ্চালক সঞ্জয় টোডী আৰু অধ্যক্ষ গৌতম বৰাক এখনি বিহুৱান যাচি সন্মান জনোৱা হয় ৷ আদৰণী ভাষণত দুয়োগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় “পৰম্পৰা আৰু সাংস্কৃতিক ৰক্ষাকৰাৰ দায়িত্বত তোমালোকৰ ওপৰতেই আছে ।”

ইয়াৰ পিছতে বিহুৰ হুঁচৰি, বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া নৃত্যকে ধৰি বিভিন্ন কায্যসূচীত বিদ্যালয়ৰ কতৃপক্ষ তথা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে ৷

ৰঙালী বিহু