/asomiyapratidin/media/media_files/2025/04/15/YmYFU2bBnRcNOYGck62U.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ : আহোম যুগৰ স্মৃতিস্বাক্ষৰ ৰংঘৰত আজি পহিলা ব’হাগৰ দিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয় ৷ ৰঙালী বিহুত ৰংঘৰ বাকৰিত আনন্দৰ লহৰ উঠা পৰিলক্ষিত হয় ৷ তাৰোপৰি ঢুলীয়াৰ ঢোলৰ চাপৰে কঁপালে আকাশ- বতাহ ৷ পেঁপাৰ মাতে সকলোকে মতলীয়া কৰিলে ৷ ৰূপহী নাচনীৰ নৃত্যই সকলোকে মন্ত্ৰমুগ্ধ কৰিলে ৷
উল্লেখযোগ্য যে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰংপুৰবাসী ৰাইজৰ সহযোগত পুৰাতন পৰম্পৰা ৰক্ষা কৰি বিগত বৰ্ষৰ দৰে আজিও এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক ৰংঘৰ বাকৰিত ৰঙালী বিহু উদযাপন কৰা হয়। বিহুৰ পুৰণি পৰম্পৰাক শ্ৰদ্ধা জনোৱাৰ লগতে বিহুৰ মূল শিপাডালক উঠি অহা নতুন প্ৰজন্মৰ সৈতে চিনাকী কৰি দিয়াৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰি অহা ৰঙালী বিহু উদযাপনৰ জৰিয়তে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক একত্রিত কৰি সমন্বয়ৰ এক অসম গঢ়াৰ লক্ষ্যৰে ৰঙালী বিহুটি পৰম্পৰাগতভাৱে উদযাপন কৰা হয় ৷
/asomiyapratidin/media/media_files/2025/04/15/8oht6rpq5h9ZTlEz61zs.jpg)
উল্লেখ্য যে আহোম যুগত এই ৰংঘৰৰ বাকৰিতে ৰজা- প্ৰজা উভয়ে ৰঙালী বিহুত নৃত্য গীত পৰিৱেশনেৰে আনন্দত আত্মহাৰা হৈছিল ৷ আজি প্ৰতীকি স্বৰ্গদেউক হাতীত উঠাই তলাতল ঘৰ বাকৰিৰ পৰা ৰংঘৰ বাকৰিলৈ বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি আনা হয় ৷
তাৰ পিছত ৰংঘৰত উঠি স্বৰ্গদেউৱে বিহুৰ কাৰ্যসূচী মুকলি কৰাৰ নিৰ্দেশ দিয়ে ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ১০০ ঢুলীয়া আৰু এশ নাচনীয়ে বিহু নৃত্য পৰিৱেশন কৰি ৰংঘৰত আনন্দৰ লহৰ তোলে ৷ তাৰ পিছতে অসমৰ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে নৃত্য গীত পৰিৱেশ কৰি আকাশ- বতাহ মুখৰিত কৰ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us