এশ শতাংশ উত্তীৰ্ণৰে উজলিল ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়

বুধবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰো এশ শতাংশ উত্তীৰ্ণৰে উজলি উঠিছে জামুগুৰিহাটৰ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়

author-image
Asomiya Pratidin
New Update
এশ শতাংশ উত্তীৰ্ণৰে উজলিল ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়

ডিজিটেল সংবাদ, জামুগুৰিহাট : বুধবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰো এশ শতাংশ উত্তীৰ্ণৰে উজলি উঠিছে জামুগুৰিহাটৰ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় । অতিকৈ পিছপৰা অঞ্চলটিৰ দুখীয়া ছাত্ৰ -ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনিৰ এনে ঈৰ্ষণীয় ফলাফলক লৈ স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে শিক্ষক -শিক্ষয়িত্ৰী তথা ছাত্ৰ- ছাত্ৰীৰ লগতে অভিভাৱকসকল ।  

উল্লেখযোগ্য যে, বিদ্যালয়খনিৰ আন্তঃগাঁথনি উন্নয়ন আৰু শিক্ষক- শিক্ষয়িত্ৰীৰ অভাৱ পূৰণ হ’লে ইয়াতকৈ আৰু অধিক উন্নত ফলাফল আশা কৰিব পাৰিলেহেঁতেন বুলি জানিবলৈ দিয়ে। ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ১৯০গৰাকী ছাত্ৰ -ছাত্ৰীৰ ভিতৰত আটাইকেইগৰাকীয়েই সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ইয়াৰ মাজৰে ৭ গৰাকীয়ে ৰাজনীতি বিজ্ঞান বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে।

jamugurihat