বিটিচিৰ পৰিবহন বিভাগৰ কাৰ্য্যবাহী ৰণেন্দ্ৰ নাৰ্জাৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্থ

কোকৰাঝাৰ-চিৰাং জিলাৰ সীমান্তত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চম্পাৱতী নৈৰ দলঙত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত বিটিচিৰ পৰিবহন বিভাগৰ কাৰ্য্যবাহী ৰণেন্দ্ৰ নাৰ্জাৰীৰ এএচ০১-ইইউ-৩৪৮৩ নম্বৰৰ ইন'ভা বাহনখন ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্থ হয়।

author-image
Asomiya Pratidin
New Update
new ap web 2 (2)

ডিজিটেল সংবাদ, চিৰাংঃ কোকৰাঝাৰ-চিৰাং জিলাৰ সীমান্তত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চম্পাৱতী নৈৰ দলঙত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত বিটিচিৰ পৰিবহন বিভাগৰ কাৰ্য্যবাহী ৰণেন্দ্ৰ নাৰ্জাৰীৰ এএচ০১-ইইউ-৩৪৮৩ নম্বৰৰ ইন'ভা বাহনখন ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্থ হয়।

Advertisment

এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে বিটিচিৰ পৰিবহন বিভাগৰ কাৰ্য্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰীৰ পুত্ৰ জৌংছাৰ নাৰ্জাৰী (৩০) ৰ। মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ পাৰিষদগৰাকীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত বাহনখনত কেৱল তেওঁৰ পুত্ৰ অকলেই আছিল। বাক্সা জিলাৰ পৰা কোকৰাঝাৰ অভিমুখে নিজেই বাহনখন চলাই যোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই চম্পাৱতী নৈৰ দলঙত খুন্দা মৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়। ইফালে, আহত জৌংছাৰ নাৰ্জাৰীক উদ্ধাৰ কৰি চিকিৎসাৰ বঙাইগাঁৱত প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনা