/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/bdeb681c-4c19-4c0d-8a65-b2fb5cce9caa/ranchi_25.jpg)
ranchi
ডিজিটেল ডেস্কঃ কালী পূজাৰ নিশাই সংঘটিত হ'ল এক কৰুণ ঘটনা। চাকিৰ পৰা সূত্ৰপাত হোৱা অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হ'ল বছ চালক আৰু পৰিচালক। এই কৰুণ ঘটনা সংঘটিত হৈছে ৰাঁচীত।
সোমবাৰে নিশা ৰাঁচীৰ খাদগড়া বাছ আস্থানত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ কাৰণ এটা চাকি। বাছ আস্থাত বাছখন ৰখাই চালক মদন আৰু পৰিচালক ইব্ৰাহিমে বাছখনৰ ভিতৰতে এটা চাকি জ্বলাই শুই আছিল।
পৰৱৰ্তী সময়ত এই চাকিটোৰ পৰা অগ্নিকাণ্ডৰ সূচনা হয় আৰু জুইৰ লেলিহান শিখাই গোটেই বাছখন আৱৰ ধৰে। ফলস্বৰূপে বাছৰ ভিতৰতে থকা চালক আৰু পৰিচালকগৰাকী জীৱন্তে অগ্নিদগ্ধ হয়।
ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় অগ্নি নিৰ্বাপক বাহিনী আহি ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও ইতিমধ্যে দুয়োজনৰ মৃত্যু হয়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে দুয়োৰে অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us