/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/2fe585d9-2027-4f63-a393-f2f2bcee753b/dddoo.jpg)
কংগ্ৰেছক এইবাৰ সচাঁকৈয়ে ৰাণা গোস্বামীয়ে দিব নেকি বিদায়...
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত ইটোৰ পিছত সিটো ঘটনাই জুৰুলা কৰিছে অসম প্ৰদেশ কংগ্ৰেছত। দলটোৰ কেইবাগৰাকীও বিধায়কে মুকলিকৈ বিজেপি তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰাৰ পিছত ৰাজ্যজুৰি বহু শতাধিক নেতা-কৰ্মীয়ে এৰিছিল কংগ্ৰেছ দল। ইয়াৰ মাজতে দেওবাৰৰ দিনটো অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে এৰিলে দলীয় কিছু বিষয়বাব। উজনি অসমৰ কংগ্ৰেছ পৰ্যবেক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি গ্ৰহণ কৰিছে গোস্বামীয়ে।
উজনি অসমত গোস্বামীক প্ৰদেশ কংগ্ৰেছে প্ৰদান কৰা সকলো দায়িত্বৰ পৰা অব্যাহতি বিচাৰি সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰিলে পত্ৰ। দলীয় কিছু কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি এই অব্যাহতি বিচাৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। ইফালে বহুতে ৰাণা গোস্বামীৰ এই পদক্ষেপক কংগ্ৰেছ এৰাৰ প্ৰথমটো খোজ বুলি অভিহিত কৰিছে।
চৰ্চা অনুসৰি, ৰাণা গোস্বামীয়ে ফেব্ৰুৱাৰীৰ ২৮তাৰিখে বিজেপিত যোগদান কৰা সম্ভাৱনা আছে বুলিও কথা ওলাইছে। কিন্তু সাংবাদিকৰ সৈতে হোৱা কথোপকথনত গোস্বামীয়ে এতিয়ালৈকে কোনো দলৰ সৈতে যোগাযোগ কৰা নাই বুলি কয়। লগতে তেওঁ কয়, কিবা সিদ্ধান্ত গ্ৰহণ কৰিলে সংবাদমাধ্যমে প্ৰথমেই কথাটো গম পাব। সাংবাদ মাধ্যমৰ আগত লগতে গোস্বামীয়ে কয় যে, কাৰ্যকৰী সভাপতি হিচাপে তেওঁৰ যি কাম সেই কাম কৰি যাব, নেতৃত্বৰ সৈতে কোনো কথাত সংঘাত নাই।
উল্লেখ নকৰি নোৱাৰি যে, বিগত কিছুদিনৰ পৰা ৰাণা গোস্বামীয়ে দল এৰিব বুলি এক চৰ্চা চলি আছিল। যোৱা কেইদিনমানৰ পূৰ্বে সমষ্টিৰ কিছু নেতা-কৰ্মীৰ সৈতে এক বৈঠকতো মিলিত হৈছে কংগ্ৰেছৰ নেতাগৰাকী। তাৰ পিছতে দেওবাৰে সভাপতিলৈ প্ৰেৰণ কৰে এই অব্যাহতি পত্ৰ।
গোস্বামীৰ দল এৰা প্ৰসংগটোক লৈ ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ৰাণা গোস্বামীয়ে দল এৰিব বুলি মোৰ মনে নকয়। দলৰ নেতৃত্বৰ প্ৰতি কিছু ক্ষোভ থাকিব পাৰে, সেয়া আমি আলোচনা কৰিম। এতিয়া সময়েহে কব লোকসভা নিৰ্বাচনৰ আগত ৰাণা গোস্বামীয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে। ভিতৰুৱা খবৰ অনুসৰি, বিজেপি আৰু অগপৰ পৰা সঘন যোগাযোগ চলিছে ৰাণা গোস্বামীৰ সৈতে।
Also Read: চিত্ৰ-কলা সংস্কৃতিক আকৌ সাৰুৱা কৰি তুলিব প্ৰণৱ বৰুৱা কলাক্ষেত্ৰই : মুখ্যমন্ত্ৰী