/asomiyapratidin/media/media_files/2025/07/04/306-2025-07-04-20-32-36.jpg)
ডিজিটেল সংবাদ, মৈৰাবাৰী : মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ লোচনাবৰীত শুকুবাৰে আৰক্ষীয়ে চলাই এক বিশেষ অভিযান। এই অভিযানৰ নেতৃত্ব দিয়ে লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাই।
উল্লেখযোগ্য যে, লাহৰীঘাট আৰক্ষী থানাৰ এলেকাধীন লোচনাবৰীত দীৰ্ঘদিন ধৰি চলি থকা পুৰণা গাড়ী কাটিং কৰা এখন দোকানত আৰক্ষীয়ে এই অভিযান চলায়। অভিযানকালত ৰাণা ফাৰুক নামৰ এজন লোকক আটক কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে।
আৰক্ষীয়ে সদৰী কৰা মতে, ৰাণা ফাৰুকে লোচনাবৰীৰ অতি ভিতৰুৱা ঠাই এডোখৰত কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ অকৰ্তৃত্বশীলভাৱে চলাই গৈছিল পুৰণা গাড়ী ধ্বংস বা কাটিং কৰা দোকানখন। এই দোকানসমূহ 'ডেম বা কাৱাৰী' দোকান হিচাপেও স্থানীয়ভাৱে জনা যায়।
মৈৰাবাৰীকে আদি কৰি অসমৰ ভিন্ন প্ৰান্তৰ চুৰি গাড়ীসমূহ এই লোচনাবৰীত কাটিং কৰা হয় বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। পৰিবহণ বিভাগৰ Motor Vehicle Scrap Policy সম্পূৰ্ণৰূপে Violation কৰা হৈ আহিছে মৈৰাবাৰী থানা এলেকাধীন লোচনাবৰী গাঁৱত থকা এই দোকানখনত।
আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চুৰি হোৱা বহু গাড়ী তথা মটৰচাইকেল এই দোকানখনৰ জৰিয়তে ধ্বংস কৰাৰো সন্দেহ প্ৰকাশ কৰিছে অভিযানকাৰী আৰক্ষীৰ দলটোৱে। আৰক্ষীয়ে অভিযানৰ অন্তত দোকানখনত তলা লগাই দিয়া বুলি জানিবলৈ দিয়ে।