ৰামপুৰ সত্ৰৰ ভূমিত স্থাপন "ৰামপুৰ সত্ৰ আজান পীৰ ছোবাহী মক্তাব"

কালৰ সোঁতত বিলীন হোৱা বটদ্ৰৱাৰ এখন ঐতিহ্যমণ্ডিত সত্ৰ হৈছে ৰামপুৰ সত্ৰ। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আদি পাঠ গ্ৰহণ কৰা এই ৰামপুৰ সত্ৰতে এসময়ত আছিল মহেন্দ্ৰ কন্দলী সংস্কৃত টোল।

author-image
Asomiya Pratidin
New Update
ৰামপুৰ সত্ৰৰ ভূমিত স্থাপন ৰামপুৰ সত্ৰ আজান পীৰ ছোবাহী মক্তাব

ৰামপুৰ সত্ৰৰ ভূমিত স্থাপন ৰামপুৰ সত্ৰ আজান পীৰ ছোবাহী মক্তাব

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কালৰ সোঁতত বিলীন হোৱা বটদ্ৰৱাৰ এখন ঐতিহ্যমণ্ডিত সত্ৰ হৈছে ৰামপুৰ সত্ৰ। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আদি পাঠ গ্ৰহণ কৰা এই ৰামপুৰ সত্ৰতে এসময়ত আছিল মহেন্দ্ৰ কন্দলী সংস্কৃত টোল। বৰ্তমান সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ বিপৰীতে এই ৰামপুৰ সত্রৰ ভূমিত স্থাপন কৰা "ৰামপুৰ সত্ৰ আজান পীৰ ছোবাহী মক্তাবে" কিহৰ ইংগিত দিছে তাক লৈ চিন্তিত হৈ পৰিছে বটদ্ৰৱাবাসী।

Advertisment

এসময়ত সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ কেন্দ্ৰ ৰামপুৰ সত্ৰত এতিয়া শুনিবলৈ পাব অন্য এক কোলাহল। বেদখলকাৰীৰ আগ্ৰাসনৰ বাবেই ৰামপুৰ সত্ৰৰ ভূমিত এতিয়া আছে কেৱল বেদখলকাৰীয়ে স্থাপন কৰা বাসস্থান। পূৰ্বতে সত্ৰৰ প্ৰায় ৬০০ বিঘা ভূমি আছিল যদিও বৰ্তমান সত্ৰখনৰ নামত থকা ২৯৭ বিঘা ভূমিও পৰিছে বেদখলকাৰীৰ কৱলত।

এই সন্দৰ্ভত বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱ গোস্বামী আৰু বটদ্ৰৱাবাসী ৰাইজৰ বিস্ফোৰক মন্তব্য কৰি উল্লেখ কৰে যে, "এসময়ত হিন্দু বসতি প্ৰধান অঞ্চলটোত একাংশ বেদখলকাৰীয়ে সত্ৰৰ ভূমি টাৰ্গেট কৰি বসতি স্থাপন কৰাৰ বাবেই হিন্দু সম্প্রদায়ৰ লোক সকলে বিশেষ কাৰণত ৰামপুৰ সত্ৰ এৰি আহিবলগীয়া হ'ল। তেতিয়াৰ পৰাই ৰামপুৰ সত্ৰখন অনাদৃত হৈ পৰে। কালক্ৰমত বেদখলকাৰীৰ অগ্ৰাসন আৰু চৰকাৰৰ অমনোযোগীতাৰ বাবেই নিশ্চিহ্ন হৈ পৰে ঐতিহ্যমণ্ডিত ৰামপুৰ সত্ৰখন।"

উল্লেখ্যযোগ্য যে, অসম সত্ৰ ভূমি সংৰক্ষণ আৰু পৰ্যবেক্ষণ আয়োগে মুখ্যমন্ত্ৰীক দাখিল কৰা বটদ্ৰৱাৰ ৰামপুৰ সত্ৰ, কোবাইকটা সত্ৰ, ধিঙৰ পাৰ্শ্ববৰ্তী পানবাৰী সত্ৰ আৰু নৰোৱা বালিসত্ৰৰ ভূমিও পৰিছে বেদখলকাৰীৰ কৱলত। সেয়ে সত্ৰাধিকাৰৰ লগতে ভকত বৈষ্ণৱে বেদখলমুক্ত কৰি সত্ৰৰ ভূমি উদ্ধাৰ কৰিব লাগে বুলি চৰকাৰলৈ আহ্বান জনাইছে।

বেদখল সত্ৰৰ ভূমি বেদখল বটদ্ৰৱা