উত্তৰ খাটোৱাল পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি...

ৰূপহীহাট উন্নয়ন খণ্ডত প্ৰতিটো আঁচনিতে দুৰ্নীতিৰ অভিযোগ
PM awash
PM awash

ডিজিটেল সংবাদ, ৰূপহীহাটঃ দুৰ্নীতিয়েই এতিয়া নীতিত পৰিণত হৈছে ৰূপহীহাট উন্নয়নত ৷ দুদিনে দুদিনে ইটোৰ পিছত সিটো খবৰে বাতৰিৰ শিৰোনামা দখল কৰাৰ পাছতো গা লৰা নাই উন্নয়ন খণ্ডটোৰ বিষয়া-কৰ্মচাৰী, জনপ্ৰতিনিধিৰ ৷

শেহতীয়াকৈ অভিযোগ উত্থাপিত হৈছে উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়ত সমূহত চলা প্ৰধানমন্ত্ৰী আৱাস যোজনা আচঁনিৰ গৃহ নিৰ্মানকলৈ ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতো অংগুষ্ঠ প্ৰদৰ্শন কৰিছে ৰূপহীহাট উন্নয়ন খণ্ডৰ একাংশ বিষয়া-কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধিয়ে ৷

ৰূপহীহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী। দুৰ্নীতিৰ ক্ষেত্ৰত অভিলেখ গঢ়িছে উত্তৰ খাটোৱাল গাওঁ পঞ্চায়তৰ সভাপতি এমদাদুল হক ফকিৰে।

দৰিদ্ৰ হিতাধিকাৰীৰ বাবে আৱণ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ স্বয়ং পঞ্চায়তখনৰ সভাপতিয়ে নিজৰ নামত (আই.ডি.নং. 2179762) আৱণ্টন দি প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ধন আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে।

অভিযোগ মতে পঞ্চায়ত সভাপতি আৰু পঞ্চায়ত সমন্বয়ক গৰাকীয়ে মিলি চলাই গৈছে ইটোৰ পিছত সিটো ব্যাপক অনিয়ম ৷ দুখীয়াৰ পৰিৱৰ্তে ধন লৈ ধনী লোকক প্ৰদান কৰি আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ।

তাৰোপৰি দুখীয়া ৰাইজক গৃহ প্ৰদান কৰি ২৫ হাজাৰকৈ টকা লোৱা,মাটি নোহোৱা বা কোনো লোকে চিনি নোপোৱা লোকৰ পৰা ধন লৈ গৃহ আবন্টন দি আত্মসাৎ কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷

পঞ্চায়তৰ সভাপতি আৰু সমন্বয়কে মিলি চলাই আহিছে এই লুণ্ঠনৰাজ। এইবিষয়ে উন্নয়ন খণ্ডৰ বি ডি অ,অভিযন্তাক জনালেও ৰাইজে সুফল নাপায় ৷ ইতিমধ্যে সভাপতি সমন্বয়কৰ বিৰুদ্ধে দুৰ্নীতি সন্দৰ্ভত নগাওঁ জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰি ৰূপহীহাট আৰক্ষী থানাত গোচৰ দিছে।

উত্তৰ খাটোৱাল পঞ্চায়তৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ভুক্তভোগী ৰাইজৰ লগতে এগৰাকী প্ৰাক্তন সভাপতিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in