ৰাষ্ট্ৰপতি হিচাপে আজি অন্তিমটো দিন ৰামনাথ কোবিন্দৰ…

ৰাষ্ট্ৰপতি হিচাপে আজি অন্তিমটো দিন ৰামনাথ কোবিন্দৰ…

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি হিচাপে আজি অন্তিম দিন ৰাম নাথ কোবিন্দৰ। ২০১৭ চনৰ ২৫ জুলাইত দেশৰ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰা ৰামনাথ কোবিন্দে আজি ৰাষ্ট্ৰপতিৰ পদ ত্যাগ কৰাৰ বিপৰীতে কালিলৈ অৰ্থাত ২৫ জুলাই সোমবাৰে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপত গ্ৰহণ কৰিব।

ৰাষ্ট্ৰপতি হিচাপে সফলতাৰে কাৰ্যকাল শেষ কৰা ৰাম নাথ কোবিন্দৰ সন্মানত শনিবাৰে সংসদ ভৱনত বিদায়ী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰাম নথ কোবিন্দে তেওঁৰ অন্তিম ভাষণ আগবঢ়ায়। ভাষণত তেওঁ দেশৰ কোভিড মহামাৰীৰ সময়ৰ কথা উল্লেখ কৰি জনসাধাৰণক চৰকাৰে খাদ্য-সামগ্ৰী যোগান ধৰাৰ কথা কয়।

তেওঁ কয় যে- আজি মোৰ হৃদয় গতিশীল হৈ আছে। মই মোৰ কৰ্তব্যবোৰ মোৰ সামৰ্থ্য অনুসৰণ কৰিলোঁ। মই দেশৰ সেৱা কৰাৰ সুযোগ পোৱাৰ বাবে দেশবাসীৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। আজি দেশ উন্নয়নৰ পথত আছে, বিৰোধী দলবোৰেও জাতি আৰু পাৰিবাৰিক ৰাজনীতিৰ উৰ্ধত উঠিব লাগিব।

তেওঁ ইয়াৰ উপৰিও কয় যে, যদি আপুনি কোনো কথাত অসন্মত হয়, আপোনাৰ সংবিধানত প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। মহাত্মা গান্ধীয়ে দেশক প্ৰতিবাদ কৰিবলৈ অহিংসাৰ পথ দেখুৱাইছিল। আমি তেওঁলোকৰ চিন্তা আৰু শিক্ষা মনত ৰাখিব লাগিব। ২৫ জুলাইত, দ্ৰৌপদ্ৰী মুৰ্মুৱে নতুন ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিব। কোৰোণা যুগত, আমি দেশবাসীক বিনামূলীয়া ৰেচন দিছিলো। কোৰোণা কালত ভাৰতে যিধৰণে কাম কৰিছিল সেয়া প্ৰশংসনীয়। প্ৰধানমন্ত্ৰী মোডী আৰু কেবিনেটৰ পৰা পোৱা সন্মানৰ বাবে সকলোকে ধন্যবাদ। মই ভাষণ শেষ কৰাৰ আগতে, নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদ্ৰী মুৰ্মুক অভিনন্দন জনাইছো।

বিদায়ী ৰাষ্ট্ৰপতিগৰাকীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, লোক সভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে আদৰি আনে। উল্লেখ্যে যে ৰাষ্ট্ৰপতিৰ কাৰ্যকালত ৰামনাথ কোবিন্দে বিতৰ্কিত তিনি কৃষি আইন বিল, নাগৰিকত্ব সংশোধনী বিলৰ দৰে বিতৰ্কিত তথা অতি স্পৰ্সকাতৰ বিলত স্বাক্ষৰ কৰি আইনলৈ পৰিৱৰ্তন কৰিছিল। নাগৰিকত্ব সংশোধনী বিলত মাজ নিশা স্বাক্ষৰ কৰি তেওঁ বিতৰ্কৰ সূত্ৰপাত কৰিছিল।

ইফালে ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালন কৰি থকাৰ মাজতে অতি শেহতীয়াকৈ ৰাম নাথ কোবিন্দে অসম ভ্ৰমণ কৰিছিল। চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি তেওঁ আপ্লুত হোৱাৰ কথা প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে তেওঁ বড়ো সাহিত্য সভাৰ অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বড়ো মহিলাক প্ৰশংসা কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in