ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰঙিয়াত সন্ধান কলা-কৃষ্টি বিকাশ চ'ছাইটিৰ উদ্যোগত লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক দেৱৰ মৃত্যু তিথি উদযাপন আৰু সদৌ অসম ভিত্তিত কামৰূপী লোকগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতি বছৰৰ দৰে এইবেলিও ৰঙিয়া ৰাইজমেল প্ৰাংগণত কণিকা বুজৰবৰুৱাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানৰ প্ৰথমে কাৰ্যসূচী অনুসৰি লোক গীত সম্ৰাট ৰামেশ্বৰ পাঠকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয় ।
ইয়াৰ পিছতে আৰম্ভ হয় সদৌ অসম ভিত্তিত কামৰূপী লোকগীতৰ প্ৰতিযোগিতা।উক্ত প্ৰতিযোগিতাত অসমৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় পঞ্চাশ জনকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আনহাতে আজি এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক দেৱৰ সহধৰ্মিনী ধনাদা পাঠক। তেওঁৰ এই উপস্থিতিয়ে আপ্লুত কৰে সকলোকে।