আহত চিআৰপিএফ জোৱানৰ স্বাস্থ্যৰ বুজ ল'লে ৰাজ্যপাল ৰমেন ডেকাই

চট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই শুকুৰবাৰে ৰায়পুৰৰ নাৰায়না চিকিৎসালয়ত উপস্থিত হৈ আহত চিআৰপিএফ জোৱান অসমৰ মন্টু নাথ আৰু গুজৰাটৰ ৰাজবীৰ সিঙৰ স্বাস্থ্যৰ বুজ লয়।

author-image
Asomiya Pratidin
New Update
bhghkijuhn

ডিজিটেল ডেস্কঃ চট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই শুকুৰবাৰে ৰায়পুৰৰ নাৰায়না চিকিৎসালয়ত উপস্থিত হৈ আহত চিআৰপিএফ জোৱান অসমৰ মন্টু নাথ আৰু গুজৰাটৰ ৰাজবীৰ সিঙৰ স্বাস্থ্যৰ বুজ লয়। আহত জোৱানসকলৰ সৈতে কথা পাতি ৰাজ্যপালগৰাকীয়ে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে। 

Advertisment

উল্লেখযোগ্য যে, ৮ জুলাইত বিজাপুৰত নক্সালবাদীৰ আইইডি বিস্ফোৰণত আহত হৈছিল এই জোৱান দুজন। ৰাজ্যপালগৰাকীয়ে তেওঁলোকৰ চিকিৎসা কৰা চিকিৎসকৰ সৈতে কথা পাতি সঠিক চিকিৎসা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে প্ৰয়োজন হ’লে উন্নত চিকিৎসাৰ বাবে দিল্লীৰ এইমচলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।

ৰমেন ডেকা চিআৰপিএফ