/asomiyapratidin/media/media_files/2024/12/15/5DQayrdmwC6xhN8NRb8i.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ উখল-মাখল পৰিবেশত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত বটদ্ৰৱাৰ ৰাইডঙীয়া উদয় চন্দ্র শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ আজি সামৰণি পৰে। আজি পুৱাৰে পৰা বিভিন্ন কাৰ্য্যসূচীৰ পাছত বিয়লি প্ৰাক্তন সাংসদ বিষ্ণুপ্ৰসাদে তেওঁৰ পিতৃ তথা বিদ্যালয়ৰ প্ৰতিষ্ঠাতা উদয় চন্দ্ৰ শইকীয়াৰ স্মৃতিত নিৰ্মাণ কৰি দিয়া আবক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰে চত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই।
/asomiyapratidin/media/media_files/2024/12/15/6YrLMJyYhB6nnqieET8L.jpg)
পাছত অনুষ্ঠিত সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি ৰাজ্যপাল ৰমেন ডেকাই কয় যে, "সোনাইপৰীয়া সভ্যতাৰ বোকোচাত ১৯৭৪ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয় খনৰ সোণালী জয়ন্তী উৎসৱত অংশ গ্ৰহণ কৰি আনন্দিত হৈছো। আজিৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সমন্ধৰ মাজত যতি পৰিছে। আজিকালি বাতৰিত শিক্ষকৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ ধৰ্ষনৰ বাতৰি দেখিলে ক্ষোভিত হওঁ। মাতৃ ভাষাত অধ্যয়ণ কৰিলে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক উৎকষতা বৃদ্ধি পায়। মাতৃ ভাষাত অধ্যয়ণ কৰি হীনমন্যতাত ভুগিব নালাগে।
/asomiyapratidin/media/media_files/2024/12/15/ymM5PugvNE66JWeXaWs0.jpg)
সভাত প্ৰাক্তন সাংসদ বিষ্ণু প্ৰসাদ, বিধায়ক ৰূপক শৰ্মা, সোণালী জয়ন্তী উদ্যাপন সমিতিৰ সভাপতি নৱকমল ৰাজা, প্ৰধান শিক্ষয়িত্ৰী জ্যোতি ভূঞাই ভাষন প্ৰদান কৰে। ইফালে পুৱা সোনাইনদী উত্তৰ আঞ্চলিক সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ বৰাৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচী সমাপনৰ পাছতে বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সোণালী জয়ন্তী উৎসৱত আজি পুৱাৰে পৰা মন্ত্ৰী কেশৱ মহন্তকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/media_files/2024/12/15/0DMwdF2dzf4O3hTUkkr6.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us