ডিজিটেল সংবাদ,নগাঁও: নগাঁৱৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি অনুষ্ঠানটি মঙলবাৰৰ পৰা আৰম্ভ হৈছে । ৩ আৰু ৪ ছেপ্তেম্বৰৰ কাৰ্যসূচীৰ প্ৰথম দিনা দিনৰ দহ ১০বজাৰ পৰা নৱাগত আদৰণি অনুষ্ঠান আৰু ফুলাই বৰা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ।
নগাঁও জিলা পুথিভড়ালত অনুষ্ঠিত হোৱা অনুষ্ঠানটি পৰিচালনা কৰে দিলীপ বৰা আৰু সংগীতা বৰাই । পুৱা ৭-৪৫ বজাত বিদ্যালয় চৌহদত বন্তি প্ৰজলন আৰু স্মৃতি তৰ্পনেৰে কাৰ্যসূচী পাতনি মেলা হয় । ৭-৪৫ বজাত বিদ্যালয়ৰ ধৰ্জা উত্তোলন কৰে অধ্যক্ষ দিলীপ বৰাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-03/7vibspsd/adaf98e3-e8f6-4e01-98cd-5ac52ca2eb6d.jpg)
প্ৰয়াত ফুলাই বৰাৰ প্ৰতিছবিৰ সন্মূখত বন্তি প্ৰজ্জলন আৰু পুষ্প অৰ্পনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাৰ লগতে ৰাজ্যৰ দুই জেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত আৰু প্ৰশান্ত ৰাজগুৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-03/7v4scwc6/85231ccb-dd97-43bd-ac24-cdd5cb8a466a.jpg)
প্ৰাগ নিউজৰ মুখ্য কাৰ্যবাহী সম্পাদক প্ৰশান্ত ৰাজগুৰুয়ে কয় যে ৰামানুজনক লৈ আজি সমগ্ৰ গৌৰাম্বিত। প্ৰতিজন লোকে ৰামানুজনক লৈ গৌৰব কৰে । বৰ্তমানলৈকে ৰামানুজনৰ পৰা ১০৮ জনে ৰাজ্যৰ ভিতৰতে বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে । ৰামানুজনত অধ্যয়ন কৰিবলৈ পোৱা ছাত্ৰ-ছাত্ৰীসকল সৌভাগ্যৱান বুলি অভিহিত কৰি জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুয়ে কয় যে ৰামানুজনত শিক্ষাপ্ৰাপ্তি হৈছে এক গৌৰব। ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যাহবানক নেওচি আগবাঢ়ি যাব লাগিব। কেৰিয়াৰ লগত ব্যক্তিত্ব জৰিত হৈ আছে । কেৰিয়াৰ আৰু ব্যক্তিত্বৰ মাজত প্ৰদান ব্যৱস্থা জৰিত হৈ আছে। কেৱল আহৰণ কৰিলে নহব। প্ৰদানো কৰিব পাৰিব লাগিব। প্ৰদানত আনন্দ আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-03/p2cxcesh/81b2c406-ae99-4a78-9cc6-45916fcafed2.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-03/18oiyat4/07b75dab-3cbc-4946-bfbd-d740f0938fc1.jpg)
অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি কয় যে শিক্ষাৰ প্ৰসাৰ দ্ৰুত গতিত ঘটিছে। কৃত্ৰিম বুদ্ধিমত্তা ইয়াৰ এক উদাহৰণ। জ্ঞান এতিয়া এটা এপত , এটা কেপচুলত ভৰাব পৰা হ’ল । ছাত্ৰ-ছাত্ৰীসকলক বাস্তৱধৰ্মী হবলৈ আহ্বান জনাই ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই কয় যে ৰামানুজৰ দিলীপ বৰাই সামাজিক দায়বদ্ধতাৰে কাম কৰি আহিছে। ৰামানুজনত দৰিদ্ৰ ঘৰৰ শিক্ষাৰ্থী জ্যোতিষ্মান হৈ জিলিকিছে। সকলোকে গুণগত শিক্ষা দিবলৈ চেষ্টা কৰা হৈছে ।
উক্ত অনুষ্ঠানটিতে ডা. সত্যেন্দ্ৰ নাথ তালুকদাৰৰ সোঁৱৰনী বঁটা কৃৰ্তিমান ছাত্ৰী তৃষ্ণা দেৱীক প্ৰদান কৰা হয়। অধ্যক্ষ দিলীপ বৰাই আঁতধৰা ফুলাই বৰা সোঁৱৰনী বঁটা বিতৰণী কাৰ্যসূচীত কৃৰ্তিমান স্নেহা হাজৰিকা, এঞ্জেলিনা চেতিয়া, দেৱশ্ৰী কন্যা বৰুৱা, মাধুৰ্য প্ৰসাদ বসুমতাৰী, মুনমী বৰপাত্ৰ গোহাই , ৰাইহানা তাচৰিন , তৃষ্ণা লীনা কলিতা , উৰ্মি বৰমূদৈ , সৃষ্টিৰূপা দিহিঙ্গীয়া , সু কন্যা বৰগোহাই , ৰিশ্মৃতা তামুলী , কৃষানু কৌশিক নাথ , সৃষ্টি কন্দৰ্প , অনুপম চক্ৰবৰ্তী , ইব্ৰাহিম আলি আহমেদ আদিক বঁটা প্ৰদান কৰা হয়। লগতে অসমীয়া আৰু জীৱবিজ্ঞান বিভাগৰ শিক্ষকসকলকো উক্ত অনুষ্ঠানতে সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় ।
Also Read: কেবিনেট বৈঠকলৈ মুখ্যমন্ত্ৰীৰ আগমনে সলনি কৰিলে বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ চেহেৰা