তিৱা স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষ অংকুৰ দেউৰীয়ে আমাৰ চাউল খায়, পৰৰ গীত গায়ঃ বিধায়ক ৰমাকান্ত দেউৰী

নিৰ্বাচনী সভাত কৰা অভিযোগ অনুসৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে, আমাৰে চাউল খাই পৰ গান গায়, আপোনালোকে মানুহ চাই লব। আমাৰ লাখুতিৰে আমাকে মাৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
cccv

ডিজিটেল সংবাদ,মৰিগাঁওঃ  তিৱা স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষ অংকুৰ দেউৰীয়ে বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে থিয় কৰিছে নিজাববীয়াকৈ প্ৰাৰ্থী- এই অভিযোগ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ। নিৰ্বাচনী সভাত কৰা অভিযোগ অনুসৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে, আমাৰে চাউল খাই পৰ গান গায়, আপোনালোকে মানুহ চাই লব। আমাৰ লাখুতিৰে আমাকে মাৰিছে।

লগতে কয় যে, সেই ব্যক্তি জনক চাই থাকিব, কোনো কাৰণতে মই কেতিয়াও জিকিব নিদিওঁ। তেওঁ যি কেইটা কামৰ আবণ্টন পাইছে, পৰিষদৰ পৰা যিকেইটা পুঁজি পাইছে সেই কামৰ মই তদন্ত কৰাম। চিন্তা নকৰিবি নিৰ্বাচনটো যাওক।

পীযুষ হাজৰিকা জানো এইটো সমষ্টিৰ বিধায়ক, সি কামৰ নেম প্লেটত পীযুষ হাজৰিকাৰ নাম দি দিছে। তেওঁ অকৃতজ্ঞ বুলি নিজৰ দলৰে উপাধ্যক্ষ অংকুৰ দেউৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে বিধায়ক জনে।

ৰমাকান্ত দেউৰী