Advertisment

হেলিকপ্টাৰেৰে ৰাম মন্দিৰ দৰ্শন কৰাৰ সুবিধা ! ভাড়া কিমান লাগিব ?

আপুনি যদি অযোধ্যাত অৱস্থিত ভগৱান শ্ৰীৰাম মন্দিৰৰ আকাশী দৃশ্য চাব বিচাৰে। তেন্তে এয়া আপোনাৰ বাবে ভাল খবৰ। প্ৰকৃততে উত্তৰ প্ৰদেশ চৰকাৰে অযোধ্যাৰ ৰাম মন্দিৰৰ আকাশী দৰ্শন কৰাৰ সিদ্ধান্ত লৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ আপুনি যদি অযোধ্যাত অৱস্থিত ভগৱান শ্ৰীৰাম মন্দিৰৰ আকাশী দৃশ্য চাব বিচাৰে। তেন্তে এয়া আপোনাৰ বাবে ভাল খবৰ। প্ৰকৃততে উত্তৰ প্ৰদেশ চৰকাৰে অযোধ্যাৰ ৰাম মন্দিৰৰ আকাশী দৰ্শন কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে হেলিকপ্টাৰেৰে দৰ্শনৰ আঁচনি আৰম্ভ কৰিবলৈ ওলাইছে। এনে পৰিস্থিতিত অতি সোনকালে হেলিকপ্টাৰত কিছু টকা ব্যয় কৰি ৰাম মন্দিৰ দৰ্শন কৰিব পাৰিব। খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শীঘ্ৰে এই আঁচনিখন আৰম্ভ কৰিব।

Advertisment

 

হেলিকপ্টাৰেৰে অযোধ্যাৰ ৰাম মন্দিৰ ভ্ৰমণৰ বাবে প্ৰতিজন ব্যক্তিয়ে ব্যয় কৰিব লাগিব ৪১৩০ টকা। অৰ্থাৎ কোনো ভক্তই যদি এই মন্দিৰৰ আকাশী দৰ্শন কৰিব বিচাৰে তেন্তে তেওঁ ইউ পি চৰকাৰক ৪১৩০ টকা দিব লাগিব। অৱশ্যে এই ধন পৰিশোধ কৰাৰ পিছত কিমান সময়লৈ হেলিকপ্টাৰেৰে দৰ্শন কৰোৱা হব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

 

অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰটো ২০২৫ চনৰ জুন মাহৰ ভিতৰত সম্পূৰ্ণৰূপে সাজু নহ,  বৰঞ্চ ইয়াৰ বাবে অতিৰিক্ত তিনিমাহ সময় লাগিব ২০২৫ চনৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হব ৰাম মন্দিৰ নিৰ্মাণৰ কাম।

 

চলিত বৰ্ষৰ আৰম্ভণিতে ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অযোধ্যাৰ নৱনিৰ্মিত মন্দিৰত শ্ৰী ৰাম লালাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছল। ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই কয় যে মন্দিৰৰ সীমা দেৱালত ৮.৫ লাখ ঘনফুট ৰঙা বংসী পাহাৰপুৰ শিল ব্যৱহাৰ কৰা হব।  কিন্তু ২০০জন শ্ৰমিকৰ নাটনি হৈছে, যাৰ বাবে নিৰ্মাণকাৰ্য পলম হৈছে ।

 

হেলিকপ্টাৰেৰে অযোধ্যাৰ ৰাম মন্দিৰৰ দৰ্শন আগবঢ়োৱাৰ সমান্তৰালকৈ ইউ পি চৰকাৰে মহাকুম্ভৰ বাবে অনুৰূপ প্ৰস্তুতি চলাইছে। খবৰ অনুসৰি মহাকুম্ভৰ আকাশী দৃশ্যৰ বাবে হেলিকপ্টাৰ সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলি আছে। অৱশ্যে এতিয়ালৈকে চৰকাৰে এই সন্দৰ্ভত একো স্পষ্টীকৰণ দিয়া নাই ।

ৰাম মন্দিৰ