মুখ্যমন্ত্ৰীলৈ কিয় ভয় কৰে ৰকিবুল হুচেইনে ? ক'লে...

এ আই ইউ ডি এফৰ বিৰুদ্ধে সৰৱ বিধায়ক ৰকিবুল হুছেইন ৷ বিধায়ক হুছেইনে স্পষ্ট ভাবে ক'লে - এ আই ইউ ডি এফৰ লগত কংগ্ৰেছে মিত্ৰতা নকৰে ৷
Rakibul hussain
Rakibul hussain

ডিজিটেল সংবাদ,নগাঁও : এ আই ইউ ডি এফৰ বিৰুদ্ধে সৰৱ বিধায়ক ৰকিবুল হুছেইন ৷ বিধায়ক হুছেইনে স্পষ্ট ভাৱে ক'লে - এ আই ইউ ডি এফৰ লগত কংগ্ৰেছে মিত্ৰতা নকৰে ৷ সামাজিক ভাৱে এ আই ইউ ডি এফ নাইকীয়া হ’লে ভাল ৷ এ আই ইউ ডি এফ নাইকীয়া হ’লে বিজেপি নাইকীয়া হ'ব ৷

নগাঁৱৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি বিধায়ক হুছেইনে কয় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এ আই ইউ ডি এফে কথা কয় ৷ আমি মিত্ৰতা নকৰে আমাৰ কথা ৷ এই ক্ষেত্ৰত বদৰুদ্দিন আজমলে কথা ক'বলৈ কোন বুলি প্ৰশ্ন কৰি প্ৰাক্তন মন্ত্ৰীজনে কয় যে কংগ্ৰেছৰ লগত ফিতাহি মাৰি লাভ নাই ৷ ৰাইজে এ আই ইউ ডি এফক প্ৰত্যাখান কৰিছে ৷ বদৰুদ্দিন আজমল এইবাৰ হাৰিব ৷ সামাজিক ব্যাধি নাইকীয়া হ'ব৷

সোমবাৰে বিয়লি আয়োজিত সংবাদমেলত ৰাজ্যত কংগ্ৰেছে চলোৱা কৰা ভাৰত জোড়ো পদ যাত্ৰাৰ সন্দৰ্ভত অবগত কৰি বিধায়ক হুছেইনে কয় যে ''ৰাইজৰ অভূত্বপূৰ্ব সহাৰিৰ বাবে বিজেপিয়ে ভয় খাইছে ৷ যাৰ বাবে উজাগৰি থাকি নিশা টুইট কৰি আহিছে ৷ মূল্যবোধৰ অবক্ষয় ৰোধ কৰিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ অৰ্থনৈতিক, সামাজিক অস্থিৰতা আদি দূৰ কৰিবলৈ কংগ্ৰেছে ভাৰত জোড়ো কাৰ্যসূচী গ্ৰহণ কৰিছে'' ৷

সংবাদমেলত বিধায়ক ৰকিবুল হুছেইনে নগাঁৱৰ ৰঙাগড়াত থকা ফুড ক্ৰাফট শৈক্ষিক প্ৰতিস্থানটো উঠাই নিনিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনায় ৷ লগতে নগাঁৱৰ হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালখনি বন্ধ নকৰিবলৈকো আহ্বান জনায় ৷

বিধায়ক হুছেইনে কয় যে মুখ্যমন্ত্ৰীলৈ মই ভয় কৰো ৷ বিনম্ৰতাৰে অনুৰোধ কৰিছো ফূড ক্ৰাফট আৰু হোমিঅ’পেথিক চিকিৎসামহাবিদ্যালয় নগাঁৱৰ পৰা উঠাই নিনিব ৷ মুখ্যমন্ত্ৰীলৈ এয়া দাবী নহয় ৷ অনুৰোধহে ৷ দাবী নকৰো ৷ কাৰণ মুখ্যমন্ত্ৰীয়ে ক’ত কি কৰে ঠিক নাই ৷

সংবাদমেল খনত বিধায়ক ৰকিবুল হুছেইনৰ লগতে বিধায়ক নুৰুল হুদা , শিবামণি বৰবৰা , জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰা আদি উপস্থিত থাকে ৷ দুই সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰব গগৈও সংবাদমেলত উপস্থিত থকাৰ কথা আছিল যদিও দুয়োজন সাংসদ সংবাদমেলত উপস্থিত নথকাটো তাৎপৰ্যপূৰ্ণ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in