শান্তি কমিটি গঠনত চৰকাৰক মনোযোগ দিয়াৰ আহ্বান ৰকিবুল হুছেইনৰ

ধুবুৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কৰা বিস্ফোৰক মন্তব্যৰ পাছত শনিবাৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীক জনাই কেবাটাও আহ্বান।

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীয়ে কেনে কথা ক’ব লাগে তেওঁ নিজে জনাটো উচিত

মুখ্যমন্ত্ৰীয়ে কেনে কথা ক’ব লাগে তেওঁ নিজে জনাটো উচিত

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ধুবুৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কৰা বিস্ফোৰক মন্তব্যৰ পাছত শনিবাৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীক জনাই কেবাটাও আহ্বান। সাংসদ গৰাকীয়ে হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বিশেষ সভাত অংশগ্ৰহণ কৰাৰ পাছতে সাংবাদিকৰে হোৱা বাৰ্তালাপাত মুখ্যমন্ত্ৰীক কৰে সমালোচনা।

Advertisment

"এগৰাকী মুখ্যমন্ত্ৰীয়ে কেনে কথা ক’ব লাগে সেয়া মুখ্যমন্ত্ৰী নিজে জনাটো উচিত" বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে। "অগ্নিগৰ্ভা হৈ থকা স্থানত জুই নুমুবাৱলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সকলোকে মাতি এখন শান্তি কমিটি বনাব লাগিছিল।" সকলো লোক মিলাপ্ৰীতিৰে থাকিবলৈ শান্তি কমিটি গঠনত চৰকাৰে মনোযোগ দিয়াৰ আহ্বান সাংসদ ৰকিবুল হুছেইনৰ। 

উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত শনিবাৰে এখন বিশেষ সভা অনুষ্ঠিত কৰা হয়। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু জৰুৱা-বিৰসীং সমষ্টিৰ বিধায়ক হাজী ওৱাজেদ আলী চৌধুৰীৰ লগতে জিলা প্ৰশাসন আৰু ২৩ টাকৈ বিভাগৰ মাজত এই সভাখন অনুষ্ঠিত কৰা হয়। এই সভাৰ জৰিয়তে চৰকাৰী আঁচনি সমূহ কিদৰে ৰূপায়িত কৰি জিলাখন উন্নত কৰিব পাৰি তাক লৈ আলোচনা কৰা হয়। বিশেষকৈ আগন্তক বাৰিষাত বন্যাৰ্তৰ সুৰক্ষা আৰু সা-সুবিধা কেনেকৈ প্ৰদান কৰিব পাৰি তাক লৈ আজিৰ সভাখনত আলোচনা কৰা হয়। একেদৰে জিলাখনৰ বিভিন্ন এলেকাত চলি থকা গৰাখহনীয়াৰ স্থায়ী আৰু অস্থায়ী প্ৰতিৰোধৰ বাবে সাংসদ পুঁজিৰ পৰা প্ৰয়োজনীয় ধন খৰচ কৰিবলৈ নিৰ্দেশা প্ৰদান কৰা হৈছে বুলি সাংসদ ৰকিবুল হুছেইনে জানিবলৈ দিছে।

ৰকিবুল হুছেইন ধুবুৰী