/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b4e156c8-2ae2-4471-869d-b75bc3632626/web.png)
ডিজিটেল ডেস্কঃ টকাৰ খকত কৃতী শিক্ষাৰ্থীক বঞ্চিত কৰি এচামক বক্ৰপথেৰে এ পি এছ চিৰ পৰীক্ষাত উৰ্ত্তীণ কৰোৱা ৰাকেশ পাল বাহিনীক ইতিমধ্যে দোষী সাব্যস্ত কৰিলে আদালতে। এ পি এছ চিৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলংকাৰীতৰ সৈতে জড়িত ৪৩ গৰাকী অভিযুক্তৰ ভিতৰত ২৯গৰাকী অভিযুক্ত কৃষিবিষয়াক আজি ৪বছৰৰ কাৰাদণ্ডৰ শাস্তিৰ ঘোষণা কৰে।
ইফালে এ পি এছ চি কেলংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পালক ১৪বছৰৰ কাৰাদণ্ডৰ লগতে ২লাখ টকাৰ জৰিমনা বিহে আদালতে। ৰাকেশ পালৰ সহযোগী বসন্ত দলে আৰু ছামেদুৰ ৰহমানক আদালতে ১০বছৰৰ কাৰাদণ্ডৰ লগতে ৫০হাজাৰ টকাৰ জৰিমনা বিহে আদালতে।
বিশেষ ন্যায়াধীশৰ আদালতে মুল অভিযুক্ত হিচাপে ৰাকেশ পাল, বসন্ত কুমাৰ দলে, ছামেদুৰ ৰহমানৰ সৈতে মুঠ ৩২গৰাকীক দোষী সাব্যস্ত কৰিছিল। ইয়াৰে ৩গৰাকীক ৰাজসাক্ষী হিচাপে ব্যৱহাৰ কৰিব আৰক্ষীয়ে।
আনহাতে ইতিমধ্যে দোষমুক্ত কৰা ১১গৰাকী ভিতৰত ৬ গৰাকী প্রাৰ্থী আৰু ৫গৰাকী মধ্যভোগী। দোষমুক্ত ঘোষণা কৰা সকল হৈছে- বিকাশ পিন্সা, কৌশিক কলিতা, কুণাল দাস, জ্যোতিবন দত্ত, ফিৰোজ, বিউতি গগৈ, শৈজালী জোহৰী, ধৃতিমান ৰয়, মৌচুমী শইকীয়া, মোশ্বাৰফ হুছেইন। ইয়াৰে দালালৰ অভিযোগত অভিযুক্ত আছিল কৌশিক কলিতা আৰু কুণাল দাস।