/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7cbcac16-74a4-4313-abbd-df1b59368f0c/489a69d6_9257_482a_9af7_d43ee07c8d64.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যসভাত আজি শাসক বিৰোধীৰ মাজত বিৰ্তকই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ অধ্যয় মল্লিকাৰ্জুন খৰ্গেই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। খৰ্গেই লগতে অভিযোগ উত্থাপন কৰে যে, আৰ এছ এছে নাথুৰাম গডছেৰ হতুৱাই হত্যা কৰিছিল মহাত্মা গান্ধীক।
খৰ্গেই কয় যে, দেশৰ প্ৰায়বোৰ সংস্থাতে আৰ এছ এছৰ সৈতে জড়িত লোকৰ কজ্বা চলিছে। খৰ্গেই এই অভিযোগ খণ্ডন কৰি ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়েই কয় যে, আৰ এছ এছৰ সদস্য হোৱাতো কোনো অপৰাধ নহয়। তেওঁলোকেও ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰহিতৰ বাবে কাম কৰি আছে।
অধ্যক্ষগৰাকীৰ এই উত্তৰ শুনিয়ে খৰ্গেই কয় যে, আৰ এছ এছৰ বিচাৰধাৰা অতি বিপদজনক। তেওঁলোকেই নাথুৰাম গডছেৰ হতুৱাই হত্যা কৰিছিল মহাত্মা গান্ধীক। এই বক্তব্য শুনাৰ পাছতে শাসকীয় বিজেপি দলৰ সাংসদসকলে এই মন্তব্যৰ বিৰোধিতা কৰে আৰু কংগ্ৰেছ অধ্যক্ষগৰাকীক এই মন্তব্য উঠাই লবলৈ দাবী জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us