আমেৰিকাৰ 'অমানৱীয়' কাৰ্যক লৈ ভাৰতে আজি সদনত স্পষ্ট কৰিব স্থিতি...

আমেৰিকাৰ পৰা শতাধিক প্ৰৱাসী ভাৰতীয়ক অতি অমানৱীয়ভাৱে ভাৰতলৈ প্ৰেৰণ কা কাৰ্যৰ বিৰুদ্ধে সংসদৰ মজিয়াতো বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে। বিৰেধীৰ হুলস্থুলৰ বাবে দুয়োখন সদনৰ কামকাজ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
আমেৰিকা

আমেৰিকা

ডিজিটেল ডেস্কঃ আমেৰিকাৰ পৰা শতাধিক প্ৰৱাসী ভাৰতীয়ক অতি অমানৱীয়ভাৱে ভাৰতলৈ প্ৰেৰণ কা কাৰ্যৰ বিৰুদ্ধে সংসদৰ মজিয়াতো বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে। বিৰেধীৰ হুলস্থুলৰ বাবে দুয়োখন সদনৰ কামকাজ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বিৰোধীয়ে দাবী উত্থাপন কৰিছিল যে, প্ৰৱাসী ভাৰতীয় সকলক বিতড়ন প্ৰক্ৰিয়াক অতি অমানৱীয় আৰু অপমানজনক হিচাাপে গণ্য কৰি সদনত আলোচনা হওঁক।

বিৰোধীৰ হুলস্থলীয়া পৰিস্থতিৰ পাছতে সদন স্থগিত ৰখাৰ পাছতে কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয় শংকৰে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰি উক্ত বিষয়টোৰ ওপৰত আলোচনা কৰে। এই সমগ্ৰ বিষয়টোৰ ওপৰত ভাৰত চৰকাৰৰ স্থিতিৰ ওপৰত দুপৰীয়া ২বজাত বক্তব্য ৰাখিব বিদেশ মন্ত্ৰীগৰাকীয়ে। 

আমেৰিকা