ৰাজ্যসভাত ভাৰতীয় বায়ুযান বিধেয়ক ২০২৪ গৃহীত...

১৯৩৪ চনৰ এয়াৰ ক্ৰাফট এক্ট ২১ বাৰ সংশোধন কৰা হৈছিল। সেই আইনখনৰ সলনি নতুনকৈ প্ৰস্তুত কৰা ভাৰতীয় বায়ুযান বিধেয়কৰ বিমানখণ্ডত ব্যৱসায় সহজ আৰু লাভজনক কৰাৰ বাবে উদ্যোগ লোৱা হৈছে।

author-image
Asomiya Pratidin
New Update
gjgy

ডিজিটেল ডেস্ক : অতীত হ’ল এয়াৰ ক্ৰাফট এক্ট, ১৯৩৪। ৯০ বছৰীয়া এই পুৰণি আইনখনৰ স্থান ল’ব বায়ুযান বিধেয়ক ২০২৪। লোকসভাত চলিত বৰ্ষৰ আগষ্ট মাহতেই এই বিধেয়ক গৃহীত হোৱাৰ পাছত চলিত সংসদীয় অধিবেশনত ৰাজ্যসভাতো ভাৰতীয় বায়ুযান বিধেয়ক ২০২৪ গৃহীত হৈছে।

উল্লেখযোগ্য যে ১৯৩৪ চনৰ এয়াৰ ক্ৰাফট এক্ট ২১ বাৰ সংশোধন কৰা হৈছিল। সেই আইনখনৰ সলনি নতুনকৈ প্ৰস্তুত কৰা ভাৰতীয় বায়ুযান বিধেয়কৰ বিমানখণ্ডত ব্যৱসায় সহজ আৰু লাভজনক কৰাৰ বাবে উদ্যোগ লোৱা হৈছে। 

বৃহস্পতিবাৰে এই বিধেয়কখনৰ সন্দৰ্ভত ৰাজ্যসভাত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰাম মোহন নাইডুৱে কয় যে বহু সদস্যই আপত্তি কৰাৰ বাবে বিধেয়কখনৰ শিৰোণাম ইংৰাজীৰ পৰা হিন্দী কৰা হৈছে। এয়া ভাৰতৰ ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি সন্মান বুলিও মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বিধেয়কখন উত্থাপন কৰোতে সংবিধানৰ কোনো উলংঘন হোৱা নাই বুলি জানিব দিয়ে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে আধুনিক আৰু হাইটেকখণ্ডৰ এই বিমান পৰিবহণ ব্যৱস্থাৰ উন্নয়ণৰ বাবেই চৰকাৰে এইখন বিধেয়ক গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। আনহাতে বিমানৰ ভাড়াৰ বৃদ্ধিক লৈ একাংশ সাংসদে উদ্বেগ প্ৰকাশ কৰাৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰী নাইডুৱে কয়- উড়াণ আঁচনিৰ জৰিয়তে চৰকাৰে সুলভতা আৰু কম ব্যয়ৰে বিমান যাত্ৰা উপলব্ধ কৰিবলৈ চেষ্টা কৰি আছে আৰু এই ধাৰাবাহিকতা অৱ্যাহত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

ৰাজ্যসভা