ডিজিটেল ডেস্কঃ তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধি কৰা লগতে এই খণ্ডৰ বিকাশ সহজ আৰু অধিক বিনিয়োগকাৰীক আকৰ্ষণ কৰা লক্ষ্যৰে ৰাজ্যসভাত মঙলবাৰে এখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীক কৰা হয়। দ্যা অইল ফিল্ডচ (regulation and development) এমেডমেন্ট বিল,২০২৪ শীৰ্ষক এই বিধেয়কখনক পেট্ৰ'লিয়াম কাৰ্যকলাপক সদনৰ পৰা বিচিন্ন কৰাৰ প্ৰস্তাৱো দিয়া হৈছিল। যাৰ ফলত এই খণ্ডত অধিক বিনিয়োগৰ সৃষ্টি হব।
কণ্ঠস্ব ভোটত ৰাজ্যসভাত এই বিধেয়কখন গৃহীত কৰা পূৰ্বে বিধেয়কখনৰ সন্দৰ্ভত হোৱা বিতৰ্কত কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয়, আমাক আৰু ২০ বছৰৰ বাবে তেল আৰু গেছ খণ্ডৰ প্ৰয়োজন আছে। আমি এই আইনখন উত্থাপন কৰাৰ লক্ষ্য হ'ল বিদেশী বিনিয়োগকাৰী দেশলৈ যাতে এক আত্মবিশ্বাস লৈ লাভৰ প্ৰত্যাশাৰে এই খণ্ডত বিনিয়োগ কৰিব পাৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয় এক্সত টুইটযোগে এই সংশোধনী বিধেয়ক খনক মাইলৰ খুঁটি হিচাপে অভিহিত কৰি ইয়াৰ জৰিয়তে শক্তি খণ্ডক শক্তিশালীভাৱে ভাৰতে আগুৱাই নিব পাৰিব। এই বিধেয়কখনত পূৰ্বতে ব্যৱহাৰ কৰা মাইনিং লীজ শব্দটো পেট্ৰ'লিয়া লীজ হিচাপে ব্যৱহাৰ কৰা হৈছে।
বৰ্ধিত চাহিদা পূৰণ আৰু আমদানী নিৰ্ভৰশীলতাক হ্ৰাস কৰিবলৈ তেল আৰু গেছৰ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা জৰুৰী হৈ পৰিছে বুলি উল্লেখ কৰা হৈছে বিধেয়কখনত।