ৰাজ্যসভা নিৰ্বাচন : অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে মনোনীত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ আসনৰ বাবে অসম গণ পৰিষদে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। শনিবাৰে আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে শীৰ্ষ নেতৃবৃন্দই ঘোষণা কৰে প্ৰাৰ্থীৰ নাম।

author-image
Asomiya Pratidin
New Update
অসম গণ পৰিষদ

ডিজিটেল ডেস্ক : আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ আসনৰ বাবে অসম গণ পৰিষদে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। শনিবাৰে আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে শীৰ্ষ নেতৃবৃন্দই ঘোষণা কৰে প্ৰাৰ্থীৰ নাম। 

Advertisment

অসম গণ পৰিষদ

অহা ১৯ জুনত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ বাবে অসম গণ পৰিষদে জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক মনোনীত কৰাৰ কথা এক বিবৃতিযোগে ৰাজহুৱা কৰে। অৱশ্যে এক বিশেষ চৰ্তৰ ভিত্তিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বৈশ্যক। চৰ্ত অনুসৰি দুবছৰ পিছতে বৈশ্যই দলৰ আন নেতাৰ বাবে এৰি দিব লাগিব আসনখন ৷

উল্লেখযোগ্য যে, আজিৰ এই বৈঠকত উপস্থিত থাকে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত আৰু সাংসদ তথা জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ লগতে আন আন বিষয়ববীয়াসকল। 

agp