/asomiyapratidin/media/media_files/2025/04/28/v5gSWp3Ol1SwS7CutTvE.jpg)
ডিজিটেল ডেস্কঃ যিকোনো মূৰ্হুততে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ল'ব পাৰে কঠোৰতকৈ কঠোৰ সিদ্ধান্ত। যুদ্ধকেন্দ্ৰিক এক পৰিস্থিতিৰ মাজতে সোমবাৰে এখন ৰূদ্ধধাৰ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
প্ৰায় ৪০মিনিটৰ এই ৰুদ্ধধাৰ বৈঠকত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক পহলগামক লৈ ভাৰতে ইতিমধ্যে গ্ৰহণ কৰা স্থিতি আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ সন্দৰ্ভত বিশদ ভাৱে অৱগত কৰে। অতি গুৰুত্বপূৰ্ণ এই বৈঠকখনৰ আলোচনাৰ বিষয়সমূহ ৰাজহুৱা কৰা নাই যদিও বৈঠকখনক লৈ সমগ্ৰ বিশ্বৰ দৃষ্টি কেন্দ্ৰীভূত হৈছে।
ছাউথ ব্লকত অনুষ্ঠিত হোৱা এই বৈঠকখনত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ পহলগাম আৰু ভাৰত-পাক সীমান্তত নিৰাপত্তাৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীগৰাকীক অৱগত কৰে। উল্লেখ্য যে, যোৱা দেওবাৰে 'মন কী বাত' অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছিল যে, পহলগাম আক্ৰমণৰ দোষী আৰু ষড়যন্ত্ৰকাৰীক উচিত শিক্ষা প্ৰদান কৰা হ'ব।
প্ৰধানমন্ত্ৰীয়ে দেশবাসীক দিয়া এই প্ৰতিশ্ৰুতিৰ এদিনৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে হোৱা এই ৰুদ্ধধাৰ বৈঠকখনে বিশেষ তাৎপৰ্য বহন কৰিছে।