Advertisment

পাকিস্তানক সতৰ্কবাণী প্ৰদান প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

ৰাজনাথ সিঙে কয় যে, পাকিস্তানে দখল কৰা কাশ্মীৰৰ ভূখণ্ড বিপজ্জনক সন্ত্ৰাসবাদৰ ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা হৈছে। তাত সন্ত্ৰাসবাদীৰ বাবে প্ৰশিক্ষণ শিবিৰ চলোৱা হয়।

author-image
Asomiya Pratidin
New Update
িে্ে্

ডিজিটেল ডেস্কঃ  "দখল কৰা কাশ্মীৰ পাকিস্তানৰ বাবে বিদেশী ভূখণ্ড আৰু জম্মু-কাশ্মীৰ ইয়াৰ অবিহনে অসম্পূৰ্ণ,পাকিস্তানে যদিহে কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাত বাধা নিদিয়ে তেন্তে ডট ডট ডট"- পাকিস্তানক এই সতৰ্কবাণী প্ৰদান প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। 

Advertisment

শেহতীয়াকৈ মুজাফ্ফৰাবাদত দিয়া ভাষণৰ সময়ত কাশ্মীৰ দখল কৰা পাকিস্তানৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী আনোৱাৰ উল হকে জেহাদৰ ভাবুকি দিয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইদৰে আনোৱাৰ উল হকক প্ৰত্যুত্তৰ দিয়ে। লগতে কয় যে, কাশ্মীৰক মুক্ত কৰিবলৈ জেহাদী সংস্কৃতিক ঘূৰাই আনিব পৰাকৈ আমাৰ হাতত যথেষ্ট সম্পদ আছে।

ইয়াৰোপৰি জম্মুৰ আখনূৰত অনুষ্ঠিত নৱম সশস্ত্ৰ বাহিনীৰ প্ৰবীণ সৈনিক দিৱসত অংশ লৈ ৰাজনাথ সিঙে কয় যে, পাকিস্তান দখল কৰা কাশ্মীৰৰ অবৈধ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিৰুদ্ধে চলাই থকা ভয়াৱহ আক্ৰমণ পাকিস্তানৰ ষড়যন্ত্ৰৰ অংশ। আজি পাকিস্তানৰ প্ৰধানমন্ত্ৰী আনোৱাৰ-উল-হকে যি কৈছে সেয়াই পাকিস্তানী শাসকসকলৰ ভাৰত বিৰোধী এজেণ্ডা প্ৰতিফলিত কৰে।

তেওঁ লগতে কয় যে, পাকিস্তানে দখল কৰা কাশ্মীৰৰ ভূখণ্ড বিপজ্জনক সন্ত্ৰাসবাদৰ ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা হৈছে। তাত সন্ত্ৰাসবাদীৰ বাবে প্ৰশিক্ষণ শিবিৰ চলোৱা হয়। সীমান্তৰ ওচৰতে লঞ্চ পেড আছে। আমাৰ হাতত এই সন্দৰ্ভত তথ্য আছে। ভাৰত চৰকাৰে সকলো জানে। পাকিস্তানে তেওঁলোকক ধ্বংস কৰিব লাগিব। অন্যথা ডট ডট ডট।

উল্লেখ্য যে, তদানীন্তন লাল বাহাদুৰ শাস্ত্ৰী চৰকাৰে ১৯৬৫ চনত সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ অন্ত পেলাব পাৰিলেহেতেন।ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ ১৯৬৫ চনত আখনূৰত হৈছিল। পাকিস্তানী সেনাৰ সকলো প্ৰচেষ্টা বিফল কৰাত ভাৰত সফল হ’ল। পাকিস্তানে ১৯৬৫ চনৰ পৰাই অবৈধ অনুপ্ৰৱেশ আৰু সন্ত্ৰাসবাদক প্ৰচাৰ কৰি আহিছে বুলি মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে।

ৰাজনাথ সিঙে জম্মু-কাশ্মীৰৰ মুছলমান জনসাধাৰণক উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজি নিজৰ জীৱন বলিদান দিয়াৰ বাবে প্ৰশংসা কৰে। তেওঁ কয় যে, এই যুদ্ধসমূহৰ সময়ত তেওঁলোকে কেতিয়াও পাকিস্তানৰ কাষত থিয় দিয়া নাছিল।

ৰাজনাথ সিং