/asomiyapratidin/media/media_files/2025/07/08/dfd-2025-07-08-08-07-51.jpg)
ডিজিটেল সংবাদ, পাঠশালাঃ নাট্য নগৰী পাঠশালাৰ বনগাওঁত সোমবাৰৰ পৰা আৰম্ভ হৈছে অসমৰ ভ্ৰাম্যমাণ জগতৰ আগশাৰীৰ নাট্য দল ৰাজমুকুট থিয়েটাৰৰ নাট্য যাত্ৰা। ৩খন ভিন্নধৰ্মী নাটকেৰে মঞ্চ কঁপাবলৈ সাজু ৰাজমুকুট থিয়েটাৰ।
জনপ্ৰিয় অভিনেতা গুঞ্জন ভৰদ্বাজ, কৃষ্ণমণি নাথ, ভাস্কৰ বৰ্মন, চিন্ময় কটকী, কবিতা চুতীয়া, আশা ৰিয়া ফুকনসহ এদল জনপ্ৰিয় নাট্যযোদ্ধা লৈ এইবাৰ আগবাঢ়িছে ৰাজমুকুট থিয়েটাৰ। সোমবাৰে দশম বৰ্ষৰ বাবে আখৰা শিবিৰ মুকলি হ'ল জনপ্ৰিয় ভ্ৰাম্যমাণ নাট্যদল ৰাজমুকুট থিয়েটাৰৰ। এইবাৰ ৰাজমুকুট থিয়েটাৰে প্ৰেক্ষাগৃহৰ পৰিবৰ্তে কাৰিকৰী কৌশল প্ৰয়োগেৰে কুৰুক্ষেত্ৰৰ মাজত নাট মঞ্চত্ব কৰাৰ কৰাৰ কথা সদৰি কৰে প্ৰযোজক মানস কলিতাই।