/asomiyapratidin/media/media_files/2025/01/22/A8dTc9fSAPiysVpHAXmy.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ জাতি আৰু মাটিৰ গীত গাই মানুহৰ অন্তৰত সুকীয়া স্থান লাভ কৰা জনপ্ৰিয় শিল্পী ৰাজীৱ শদিয়ালৈ মৰনোত্তৰভাৱে আগবঢ়োৱা হৈছে “ বীৰ পাঙ-ৰাও বঁটা”। শিৱসাগৰত সংবাদমেল যোগে ঘোষণা কৰিছে টাই আহোম যুৱ পৰিষদৰ নেতৃত্বই ।
উল্লেখযোগ্য যে আমগুৰিৰ লালিম চাপৰিত টাইপাই ২৭ জানুৱাৰীৰ পৰা ৫ দিনীয়াকৈ উদযাপন কৰিব মে-ডাম-মে-ফি । ৩০ জানুৱাৰীত মে-ডাম-মে-ফিৰ অনুষ্ঠানতে প্ৰয়াত ৰাজীৱ শদিয়াৰ পৰিয়ালৰ হাতত প্ৰদান কৰিব উক্ত বঁটা।
শিৱসাগৰ প্ৰেছ ক্লাবত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজখোৱাই সংবাদমেল যোগে সদৰী কৰে বঁটা প্ৰদানৰ কথা ।সমান্তৰালভাৱে ৫ দিনীয়াকৈ উদযাপন কৰিবলগীয়া মে-ডাম-মে-ফিৰ কাৰ্যসূচীত সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে টাইপাই।