/asomiyapratidin/media/media_files/2025/01/14/SagRTBdNsRSfkKZXWQ76.jpg)
ৰাজীৱ শদিয়া Photograph: (ৰাজীৱ শদিয়া)
ডিজিটেল ডেস্কঃ গানৰ জৰিয়তে জাতীয়তাবাদ ধ্বজা ধৰি ৰখা শিল্পী ৰাজীৱ শদিয়াৰ শেষকৃত্য আজি সম্পন্ন কৰা হব। জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ নশ্বৰ দেহ সোমবাৰে নিশা ভাগত নিজ গৃহ ভূমি শদিয়ালৈ লৈ যোৱা হয়। চাপাখোৱাৰ ৰাজহুৱা খেলপথাৰত নিশাটোৰ বাবে ৰখা হয় তেওঁৰ নশ্বৰ দেহ। অসংখ্য গুণমুগ্ধই স্বত: স্ফুৰ্ত ভাৱে ওলাই আহি তেওঁক ৰাজহুৱা খেলপথাৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শিল্পীগৰাকীৰ মৃত্যুত শদিয়াত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে। ৰাইজে জয় আই অসম ধ্বনিৰে শিল্পী গৰাকীৰ নশ্বৰ দেহ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে নিশাই নশ্বৰ দেহ নিজ গৃহ টোপছিঙা গাঁওলৈ নিয়া হয়। আজি পুৱা প্ৰায় ১০বজাত সম্পন্ন হ'ব শেষকৃত্য।