জোনাই সমষ্টিত জে পি পিৰ ৰাজেশ দেউৰীৰ বিজয়...

author-image
Asomiya Pratidin
New Update
জোনাই সমষ্টিত জে পি পিৰ ৰাজেশ দেউৰীৰ বিজয়...

ডিজিটেল সংবাদ, জোনাই : দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ১২ নং জোনাই পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীক পৰাস্ত কৰি জে পি পিৰ প্ৰাৰ্থী বিজয় হৈছে। আজি ভোট গণনাৰ পিছত জোনাই নিৰ্বাচনী বিষয়াই ঘোষণা কৰা ফলাফলমতে জে পি পিৰ প্ৰাৰ্থী ৰাজেশ দেউৰীয়ে ৬ টা ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী হেমন্ত দেউৰীক পৰাস্ত কৰি বিজয়ী হয়।

ঘোষিত ফলাফল মতে ১২ নং জোনাই পৰিষদীয় সমষ্টিত জে পি পিৰ দলৰ প্ৰাৰ্থী ৰাজেশ দেউৰীয়ে ৩৯২ টা আৰু বিজেপি দলৰ প্ৰাৰ্থী হেমন্ত দেউৰীয়ে ৩৮৬ টা ভোট লাভ কৰে। ইপিনে কংগ্ৰেছৰ পৰা সৰুমাই দেউৰী মাত্ৰ ২ টা ভোট লাভ কৰে। ২৫ টা ভোট নাকচ হয়। উল্লেখযোগ্য যে পাঁচটা ভোটকেন্দ্ৰ বিশিষ্ট ১২ নং জোনাই পৰিষদীয় সমষ্টিত মুঠ ৪০৫ টা গ্ৰহণ হৈছিল।

assam dac election jonai