/asomiyapratidin/media/media_files/2025/10/09/web-1-2025-10-09-16-58-25.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে ৩১ অক্টোবৰত মুক্তি লাভ কৰিব। ইতিমধ্যে ছবিখনক লৈ উৎসাহী আৰু আৱেগিক হৈ আছে ৰাজ্যবাসী। শেহতীয়াকৈ ৮ অক্টোবৰত মুক্তি লাভ কৰিছে ছবিখনৰ "মোৰ মন" শীৰ্ষক গীতটি।
মুক্তিৰ লগে লগে গীতটিয়ে ৰাইজৰ মাজত অভূতপূৰ্ব সমাদৰ লাভ কৰিছে যদিও গীতটোত দেখিবলৈ পোৱা কিছু দৃশ্যাংশক লৈ ক্ষোভ প্ৰকাশ কৰিছে জুবিন অনুৰাগীয়ে। দৰাচলতে গীতটোৰ এটা অংশত শেখৰজ্যোতি গোস্বামীক দেখা গৈছিল।
ইয়াৰ পাছতে সামাজিক মাধ্যমৰ জৰিয়তে বহুজনে ছবিখনৰ পৰা শেখৰজ্যোতি, অমৃতপ্ৰভা, সিদ্ধাৰ্থৰ ক্লিপ আঁতৰাবলৈ আহ্বান জনাইছিল। ৰাইজৰ আহ্বান প্ৰতি সঁহাৰি জনাই ৰৈ ৰৈ বিনালে ছবিখনৰ পৰাই এই তিনিওগৰাকীৰ ক্লিপ আঁতৰোৱা সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্মাতাগোষ্ঠীয়ে।
উল্লেখ্য যে, জুবিন মৃত্যুৰ ঘটনাৰে নাম সাঙুৰ খাইছে শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। সেয়ে জুবিন গাৰ্গৰ এই সপোনৰ প্ৰজেক্টটোৰ সৈতে এইসকলৰ কোনো সম্পৰ্ক থাকিব নালাগে বুলিও দাবী কৰিছে একাংশই।
এই সন্দৰ্ভত ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই কয় যে, ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত কি হৈছিল সেই ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ নাই অহা । আমাত ইয়াৰ উত্তৰ লাগে । সেই উত্তৰ আমাক সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমৃতপ্ৰভা কোনেও দিব নাই পৰা । গতিকে আমি প্ৰযোজকগোষ্ঠীৰ লগত আলোচনা কৰি এটা সিদ্ধান্তত আহিছো, যিসকলে তেওঁক আমাৰ মাজৰ পৰা আঁতৰাই পঠিয়ালে, যিসকলে তেওঁক লৈ অৱহেলা কৰিলে তেনেকুৱা কিছুমান দানৱ দেৱতাতুল্য জুবিন গাৰ্গৰ লগত একেশাৰীত থাকিব নোৱাৰে, গতিকে তেওঁলোকৰ যিখিনি ফুটেজ আছিলে, যিখিনি শ্বট আছিলে সেইখিনি আমি ৰিমোভ কৰাৰ সিদ্ধান্ত লৈছো ।’’