অভিনেতা - ক্ৰীড়া সংগঠক ৰাজেন শৰ্মাৰ দেহাৱসান...

অসমৰ এগৰাকী বিশিষ্ট অভিনেতা তথা সুদক্ষ ফুটবল খেলুৱৈ ,ক্ৰীড়া সংগঠক আৰু সমাজ কৰ্মী ,নগাঁও চহৰৰ আমোলাপট্টী নিবাসী ৰাজেন শৰ্মাৰ (৮৩)  গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
rajen

ডিজিটেল সংবাদ , নগাঁও : অসমৰ এগৰাকী বিশিষ্ট অভিনেতা তথা সুদক্ষ ফুটবল খেলুৱৈ ,ক্ৰীড়া সংগঠক আৰু সমাজ কৰ্মী ,নগাঁও চহৰৰ আমোলাপট্টী নিবাসী ৰাজেন শৰ্মাৰ (৮৩)  গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকস্তব্দ্ধ হৈ পৰে নগাঁও। ছাত্ৰ জীৱনৰ পৰাই অভিনয় আৰু ক্ৰীড়া ক্ষেত্ৰখনৰ লগত জড়িত ৰাজেন শৰ্মা এগৰাকী সুদক্ষ অভিনেতা ,ফুটবল খেলুৱৈ ,ক্ৰীড়া সংগঠক হিচাপে নিজৰ পৰিচয় দিবলৈ  সক্ষম হৈছিল।  

ৰাজ্যিক খেলুৱৈ ৰাজেন শৰ্মাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোচ বীহাৰ ট্ৰফী প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ লগতে ফুটবলত অসম স্কুল দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল।তেওঁ এজন সুদক্ষ গলৰক্ষক আছিল। নগাঁৱৰ স্পৰ্টিং ক্লাৱৰ উপদেষ্টাৰ লগতে নগাওঁ ক্ৰীড়া সংস্থাৰ লগত সক্ৰিয় ভাবে জড়িত আছিল। নগাঁও নাট্য সমিতিৰ সভাপতি ,সম্পাদকৰ দ্বায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিছিল।

এগৰাকী সুদক্ষ অভিনেতা হিচাপে নগাঁৱৰ নিট্যপ্ৰেমী ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ। নগাঁৱত বহু কেইখন সামাজিক নাটকত কৰা মনপৰশা অভিনয় আজিও নগাঁৱৰ নিট্যপ্ৰেমী ৰাইজৰ মাজত সজীৱ হৈ আছে। তেওঁৰ মৰম তৃষ্ণা ,মনিৰাম দেৱান আদি বহু কেইখন কথাছবিত অভিনয় কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। ফুটবলৰ ওপৰিও তেওঁ ক্ৰিকেট খেল খেলিছিল।

বিশিষ্ট অভিনেতা চন্দ্ৰ ফুকন ,সাৰদাকান্ত বৰদলৈ, দুলাল ৰয় আদি বহু কেইজন  অভিনেতা ,নাট্যকাৰৰ সানিধ্য লাভ কৰা শৰ্মাৰ মৃত্যুত নগাঁৱত শোকৰ ছা পৰিছে। তেওঁৰ মৃত্যুত মন্ত্ৰী কেশৱ মহন্তই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই ৰাজেন শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে ৰাজেন শৰ্মাৰ মৃত্যু নগাঁৱৰ সমাজ জীৱনৰ লগতে নাট্য ক্ষেত্ৰ আৰু ক্ৰীড়া জগতখনৰ বাবে অপুৰণীয় ক্ষতি হল।

প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা ,প্ৰাক্তন বিধায়ক ডা : দুৰ্লভ চমুৱা ,সাংসদ ৰকিবুল হুছেইন ,নগাঁও নাট্য সমিতি ,সাংস্কৃতিক গোষ্ঠী কল্লোল ,নগাঁও কলা মন্দিৰ ,নগাঁও অপেশাদাৰী নাট্য শিল্পী কল্যাণ সমিতি,সদৌ নগাঁও জিলা ছাত্ৰ সন্থা ,অসম জাতীয়তাবাদী যুৱ ,- ছাত্র পৰিষদ , নগাঁও জিলা মইনা পাৰিজাত ,নগাঁও প্ৰেছ ক্লাব ,নগাঁও প্ৰিণ্ট মিডিয়া ,নগাঁও জিলা বাৰ্তাজীৱী সংঘ  ,আজু ,নগাঁও ইলেকট্ৰনিক মিডিয়া এছ'চিয়েশ্বন , নগাঁও জিলা গণনাট্য সংঘ ,চন্দ্ৰজ্যোতি সংঘ ,মঞ্চ অন্তৰ ,অসম জাতীয়তাবাদী যুৱ - ,ছাত্র পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক কনক হাজৰিকা ,অসম শিল্পী কানন আদি বিভিন্ন অনুষ্ঠান , - প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী ,কন্যা সহ বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ গৈছে।

নগাওঁ