/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/db2a9da0-b961-443f-9129-1db34dd2bcbe/b9463afa_dc8a_476c_832d_a3e4c82a28ce.jpg)
ডিজিটেল ডেস্কঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অসমৰ ৫সমষ্টিৰ ভিতৰত নগাওঁ সমষ্টিক লৈ সকলো দৃষ্টি নিৱদ্ধ হৈ আছে। কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈ, বিজেপিৰ সুৰেশ বৰা আৰু এ আই ইউ ডি এফৰ আমিনুল ইছলামৰ মাজতে যুঁজখন হব বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে। বিগত দিনকেইটাত আটাইকেইগৰাকী প্ৰাৰ্থীয়ে জোৰদাৰ প্ৰচাৰো চলোৱা দেখা গৈছিল। বিজেপিৰ প্ৰাৰ্থীৰ সুৰেশ বৰাৰ হৈ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পীয়ুষ হাজৰিকাই জোৰদাৰ প্ৰচাৰ চলাইছিল।
ইয়াৰ বিপৰীতে কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈৰ হৈ বিৰোধী ঐক্য মঞ্চৰ নেতাসকলে বহুকেইখন প্ৰচাৰ সভাত অংশ লৈছিল। নগাঁৱৰ নিৰ্বাচনী অস্পষ্ট প্ৰেক্ষাপটৰ মাজতে ভোটগ্ৰহণৰ দিনা প্ৰাক্তন সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে ভোটদান সাব্যস্ত কৰি সাংবাদিকৰ সন্মুখত কিছু অসন্তুষ্টি ব্যক্ত কৰে। দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ থকা গোহাঁয়ে পুৰণি বিজেপিৰ প্ৰসংগ টানি আনি নগাঁৱত এইবাৰ বিজেপিত ভিতৰি ভিতৰি বিদ্ৰোহ সূচনা হৈছে বুলি মন্তব্য প্ৰকাশ কৰে।
ৰাজেন গোহাঁয়ে ক্ষোভ ব্যক্ত কৰি কয়- কিছুমান কথা কৈ আৰু লাভ নাই। কাৰন সেইবোৰ কথা এতিয়া কোনেও নুশুনে। নশুনাৰ ফলতেই মানুহবোৰ হতাশাত ভুগিছে। আমাৰ পুৰণি কৰ্মীসকল যথেষ্ট হতাশাত আছে। ইয়াৰ পৰিণাম এইবাৰ নিৰ্বাচনত হয়তো পাব। অকল ইয়াতেই নহয়, সমগ্ৰ ভাৰতত ভিতৰি ভিতৰি এটা বিদ্ৰোহৰ সূচনা হৈছে।
দলীয় কৰ্মীক উপেক্ষা কৰা হৈছে সকলোতে। ৰাজেন গোহাঁয়ে লগতে কয়- দলৰ যদি ক্ষতি হয় তেনেহলে ইয়াৰ বাবে দায়ী এই কথা নশুনা মানুহবোৰেই। মই বিচাৰো যে দলৰ ভাল হওক। উল্লেখ কৰা প্ৰয়োজন যে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহাঁয়ে পূৰ্বতেও দলৰ বহু সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে।