এইবাৰ বিস্ফোৰণ ঘটাবলৈ সাজু ৰাজেন গোহাঁই !

এইবাৰ বিস্ফোৰণ ঘটাবলৈ সাজু ৰাজেন গোহাঁই !

author-image
Asomiya Pratidin
New Update
বহু বিস্ফোৰণ ঘটাই অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ ৰাওনা ৰাজেন গোহাঁই

এইবাৰ বিস্ফোৰণ ঘটাবলৈ সাজু ৰাজেন গোহাঁই !

ডিজিটেল ডেস্কঃ ইন্দ্ৰাণী তহবিলদাৰৰ অপমৃত্যুৰ পাছত ৰাজ্যিক বিজেপিত ইটোৰ পাছত সিটো অঘটনে দেখা দিছে। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিস্ফোৰক পত্ৰৰ পাছত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে নিজৰ ক্ষোভ অসন্তুষ্টি বৰ্হিপ্ৰকাশ ঘটাবলৈ সাজু হৈছে।

Advertisment

একালৰ ক্ষমতাশালী নেতাজনে ঘনিষ্ঠ মহলক দুই, তিনিদিনৰ পৰা জনাই আহিছে যে, অচিৰেই তেওঁ দলটোৰ ভিতৰচৰাত সংঘটিত কাৰ্যকলাপৰ সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিব। গোহাঁইৰ ঘনিষ্ঠৰ এক সূত্ৰ অনুসৰি শুকুৰবাৰে দিনৰ ১ বজাত তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ কথা।

এই সাক্ষাৎ কালতে গোহাঁয়ে ৰাজ্য চৰকাৰে তেওঁক প্ৰদান কৰা কেবিনেট মৰ্যাদাৰ পদবীৰ পৰা পদত্যাগ কৰিব। আন এচামে আকৌ ৰাজেন গোহাঁয়ে বিজেপি এৰিব বুলিও প্ৰচাৰ চলাইছে। কিন্তু সেই খবৰৰ সত্যতা আনুষ্ঠানিকভাৱে লাভ কৰা হোৱা নাই।

অসমীয়া প্ৰতিদিন ডিজিটেলে ৰাজেন গোহাঁই সম্পৰ্কীয় এই খবৰ নিশ্চিত কৰিবলৈ তেওঁৰ সৈতে মোবাইলেৰে প্ৰত্যক্ষ যোগাযোগৰ চেষ্টা কৰিছিল। কিন্তু ৰাজেন গোহাঁইৰ মোবাইল বন্ধ হৈ থকাত সেয়া সম্ভৱ হৈ নুঠিল।

শুকুৰবাৰে ৰাজেন গোহাঁয়ে কাৰ্যতঃ কি বিস্ফোৰণ ঘটাই সেয়া জানিবলৈ এতিয়া তেওঁ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰালৈ অপেক্ষা কৰিব লাগিব। এয়া সত্য যে, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মুকলি বিস্ফোৰণৰ পাছত ইমান দিনে দলত এলাগী হৈ অহা একাংশ পুৰণি বিজেপি জ্যেষ্ঠ নেতা কৰ্মী পুনৰ সক্ৰিয় হৈ পৰিছে।

Also Read: শান্তি চুক্তিলৈ আৰু কিমান দূৰ? এই সপ্তাহতে আলফা আৰু NSCN-IM ৰে বৈঠক...

বিজেপি ৰাজেন গোহাঁই