/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/rajeeb.jpg)
ডিজিটেল ডেস্ক: দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বুধবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ দোষী এজি পেৰাৰীবলনক মুকলি কৰি দিয়াৰ আদেশ দিয়ে।
উচ্চতম ন্যায়ালয়ে দোষীক মুকলি কৰি দিয়াৰ বাবে অনুচ্ছেদ ১৪২ ৰ অধীনক বিশেষ অধিকাৰৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰে।
এই গোচৰ সন্দৰ্ভত ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ ওপৰত দীৰ্ঘদিন কৰি আৱেদন আছিল। তাৰ পাছতে উচ্চতম ন্যায়ালয়ে পেৰাৰীবলক মুকলি কৰি দিয়াৰ আৱেদনত মঞ্জৰী প্ৰদান কৰে।
ন্যায়ালয়ে কয় যে উচ্চতম ন্যায়ালয়ে কৈছিল যে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত ৰাজ্যপালৰ বাবে বাধ্যতামূলক আছিল আৰু সকলো দোষীৰ মুক্তিৰ পথ মুকলি।
উল্লেখ্য যে, পেৰাৰীবলন বৰ্তমান জামিনত মুকলি আছে। তেওঁ মুকলিৰ বাবে আৱেদন দি কয় যে বিগত ৩১ বছৰ ধৰি তেওঁ কাৰাগাৰত বন্ধ হৈ আছে।