/asomiyapratidin/media/media_files/2025/07/30/mayong-30-2025-07-30-21-15-04.jpg)
ডিজিটেল সংবাদ মায়ং: মায়ং আৰক্ষীৰ জালত পৰিছে এজন প্ৰবঞ্চক। ধৃত প্ৰবঞ্চক জনৰ নাম ৰাজীৱ বৰা। ৰাজীৱ বৰাৰ ঘৰ নগাঁৱৰ গোমোঠা গাঁৱত।
মায়ঙৰ তিনি তাৰকা যুক্ত হোটেল মিষ্টিক মায়ঙৰ মেনেজাৰ আছিল ৰাজীৱ। অভিযোগ অনুসৰি হোটেলখনত থকা অৱস্থাত হোটেল কৰ্তৃপক্ষৰ পৰা লুটিছিল কেইবা লাখ টকা। তাৰ পিছতেই চাকৰি গৈছিল ৰাজীৱৰ।
কিন্তু মিষ্টিক মায়ঙৰ পৰা খেদা খোৱাৰ পিছতো বে-আইনীভাবে মিষ্টিক মায়ঙৰ নামত কিছু কাম চলাই গৈছিল ৰাজীৱে। তাৰ পিছতেই কৰ্তৃপক্ষৰ চকুত ধৰা পৰাত মায়ং থানাত এজাহাৰ দাখিল কৰে কৰ্তৃপক্ষই।
অৱশ্যে যোৱা চাৰি মাহ ধৰি মায়ং আৰক্ষীয়ে বিচাৰি আছিল যদিও কৰায়ত্ব কৰিব পৰা নাছিল প্ৰবঞ্চক জনক। অৱশেষত ২৯ জুলাইৰ সন্ধিয়া নাটকীয় ভাবে জাগীৰোড থানাৰ আৰক্ষীৰ হাতত ধৰা পৰে ৰাজীৱ বৰা।
তাৰ পিছত নিশাৰ ভাগতেই মায়ং থানাৰ আৰক্ষীক জাগীৰোড থানাৰ আৰক্ষীয়ে ঝাৰগাঁও প্ৰাথমিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত গতাই দিয়ে ৰাজাৱীক। আজি মায়ং থানাৰ ৪৩/২০২৫ নম্বৰ গোচৰত অভিযুক্ত ৰাজীৱ বৰাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে ৰাজীৱ বৰাই দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন ঠাইত ঠগ প্ৰৱঞ্চনা কৰি বহু লোকৰ পৰা বহু পৰিমাণৰ ধন আত্মসাত কৰা বুলি জানিব পৰা গৈছে। বিভিন্ন জনৰ পৰা ঠগ প্ৰৱঞ্চনা কৰি চলি থকা ৰাজীৱ বৰাই আৰক্ষী, আদালত, জেইল আদিলৈ একপ্ৰকাৰ কেৰেপেই নকৰে বুলি নিজ মুখেৰে প্ৰকাশ কৰে।
"জেলত গলে কি হব, কেইদিন ৰাখিব, ওলাইটো আহিমেই, তাৰ পিছত দেখা যাব" এয়া হ'ল ধৃত ৰাজীৱৰ আৰক্ষী আৰু সাংবাদিকৰ সন্মুখত দিয়া ভাষ্য।