/asomiyapratidin/media/media_files/2025/07/07/baksha-7-2025-07-07-17-23-46.jpg)
ডিজিটেল সংবাদ বাক্সাঃ এগৰাকী ৪২ বছৰীয়া অজলা স্বভাৱৰ ব্যক্তি। অজলা যুৱকজনৰ ঘৰ বাক্সা জিলাৰ জালাহত । দিন হাজিৰা কৰি পেটে-ভাতে জীৱন নিয়াইছিল অকলশৰীয়া যুৱকজনে ।
যুৱকজনৰ নাম ৰাজীৱ নাথ । প্ৰায় এবছৰ আগতেই মাকে ৰাজীৱক অকলশৰীয়াকৈ এৰি থৈ ইহলীলা সম্বৰণ কৰিছিল। স্কুলীয়া শিক্ষাৰ উমান নোপোৱা ৰাজীৱ নাথে জীৱনৰ প্ৰয়োজনীয় কোনো নথি পত্ৰও সংগ্ৰহ কৰিব নাজানিলে।
খৰি কটা কাৰ্যত পাকৈত বুলি সমগ্ৰ অঞ্চলতেই নাম আছে ৰাজীৱৰ । সেয়ে ঘৰে ঘৰে গৈ খৰি কটা কাম কৰি দুপইচা ৰাহি কৰি নিজৰ খোৱা-বোৱাৰ যোগাৰ কৰি আহিছে। কিন্তু পৰিয়ালৰ কোনো সদস্য নোহোৱা ৰাজীৱে পৰবৰ্তী সময়ত নিচা সেৱন কৰাত লাগি যায় ।
ফলত যোৱা শুকুৰবাৰে নিশা জালাহ চ'কৰ ৰাজপথত পৰি থকা দেখি জালাহ অঞ্চলৰ কেইজনমান সতেচন যুৱকে ৰাজীৱক বাক্সা জিলাৰ সদৰ মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। চিকিৎসকে ৰাজীৱক পৰীক্ষা-নিৰীক্ষা কৰি লিভাৰ আৰু ভৰিত পানী জমা হোৱা বুলি জানিবলৈ দিয়ে ।
কিন্তু পৰৱৰ্তী সময়ত ৰাজীৱৰ ৰোগৰ কথা মুখ্যমন্ত্ৰীক অৱগত কৰাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে জালাহলৈ আহি অকলশৰীয়া ৰাজীৱ নাথৰ চিকিৎসাৰ বাবদ ৩৫,০০০ টকাৰ এখন চেক প্ৰদান কৰে। সেয়ে সম্প্ৰতি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ টকাৰে ৰাজীৱ নাথৰ মুছলপুৰৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত চিকিৎসা চলি আছে।
আজি চিকিৎসকে ৰাজীৱক সংৰক্ষিত বিচনাত ৰাখি লিভাৰৰ চিকিৎসা প্ৰদান কৰি আছে। সেয়ে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপৰ বাবে সমগ্ৰ অঞ্চলৰ ৰাইজে এক মুখে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী গৰাকীক।