সমাজক ভালপোৱা মানুহ ৰজত বৈশ্যঃ 'ৰজত-জ্যোতি' উন্মোচন কৰিলে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই...

গুৱাহাটীৰ খনামুখত গ্ৰন্থ উন্মোচনী আৰু স্মৃতি চাৰণ সভা । সদ্যপ্ৰয়াত বিশিষ্ট সাংবাদিক তথা সমাজকৰ্মী প্ৰয়াত ৰজত বৈশ্যৰ জীৱনীভিত্তিক গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই । প্ৰয়াত ৰজত বৈশ্যৰ খনামুখৰ বাসগৃহত কামিনীকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এক স্মৃতি চাৰণ সভাত গিৰিন্দ্ৰ কাকতিৰ সম্পাদনাত প্ৰকাশিত "ৰজতজ্যোতি" নামৰ গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট সাংবাদিক গৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
সমাজক ভালপোৱা মানুহ ৰজত বৈশ্যঃ 'ৰজত-জ্যোতি' উন্মোচন  কৰিলে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই...

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ খনামুখত গ্ৰন্থ উন্মোচনী আৰু স্মৃতি চাৰণ সভা । সদ্যপ্ৰয়াত বিশিষ্ট সাংবাদিক তথা সমাজকৰ্মী প্ৰয়াত ৰজত বৈশ্যৰ জীৱনীভিত্তিক গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই । প্ৰয়াত ৰজত বৈশ্যৰ খনামুখৰ বাসগৃহত কামিনীকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এক স্মৃতি চাৰণ সভাত গিৰিন্দ্ৰ কাকতিৰ সম্পাদনাত প্ৰকাশিত "ৰজতজ্যোতি" নামৰ গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট সাংবাদিক গৰাকীয়ে।

বিভিন্ন সামাজিক দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা সভাখনত গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় যে ৰজত বৈশ্যৰ দৰে সমাজক ভালপোৱা আৰু সমাজৰ প্ৰতি দায়ৱদ্ধতা থকা মানুহ থাকে বাবেই সমাজখন শৃংখল হৈ থকাত সহায় কৰে । প্ৰবীণ সাংবাদিক প্ৰয়াত ৰজত বৈশ্যৰ যে এক শক্তিশালী গণভিত্তি আছিল, সেয়া তেওঁৰ স্মৃতিচাৰণ সভাই প্ৰমাণ কৰিলে বুলিও মন্তব্য কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই।

সভাত বিশিষ্ট লেখক পৰেশ বৈশ্য , অসম বাৰ্তাজীবী সংঘৰ সভাপতি মধুসূদন মেধিৰ লগতে কেইবাজনো গণ্য- মান্য লোকে প্ৰয়াত ৰজত বৈশ্যৰ সামাজিক অৰিহনাৰ ওপৰত আলোকপাত কৰে। সভাতেই কামৰূপ জিলা সাংবাদিক সন্থাই ৰজত বৈশ্যৰ নামত এটা বাৰ্ষিক বটাঁ দিয়াৰ কথা ঘোষণা কৰে।

প্ৰয়াত ৰজত বৈশ্যৰ পত্নীয়ে প্ৰয়াত স্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণে সকলোকে আৱেগিক কৰি তোলে । উল্লেখযোগ্য যে অনুষ্ঠানত স্হানীয় লোকৰ লগতে জিলা খনৰ বিভিন্ন প্ৰান্তৰ লোকসকল উপস্থিত থাকে।

গুৱাহাটী