সঞ্জু ছেমছনৰ আঘাতক লৈ চিন্তা বাঢ়িছে ৰাজস্থানৰ

চলিত আই পি এলত ৰাজস্থান ৰয়েলছৰ হতাশাজনক প্ৰদৰ্শনৰ লগতে অধিনায়ক সঞ্জু ছেমছনৰ আঘাতে দলীয় মেনেজমেণ্টক অধিক চিন্তিত কৰিছে। চিন্নস্বামীত খেলিব নোৱাৰাটো পূৰ্বেই নিশ্চিত হৈছিল

author-image
Asomiya Pratidin
New Update
সঞ্জু ছেমছনৰ আঘাত

ডিজিটেল ডেস্ক : চলিত আই পি এলত ৰাজস্থান ৰয়েলছৰ হতাশাজনক প্ৰদৰ্শনৰ লগতে অধিনায়ক সঞ্জু ছেমছনৰ আঘাতে দলীয় মেনেজমেণ্টক অধিক চিন্তিত কৰিছে। চিন্নস্বামীত খেলিব নোৱাৰাটো পূৰ্বেই নিশ্চিত হৈছিল। সেই বাবেই তেওঁ বাংগালুৰুলৈ নগৈ জয়পুৰতে চিকিৎসা গ্ৰহণ কৰি আছে।

Advertisment

দলৰ স্থায়ী অধিনায়কগৰাকী কেতিয়া উভতিব, সেই বিষয়ে চিন্তিত মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ো। এইবাৰৰ প্ৰতিযোগিতাখনৰ প্ৰথম ৩খন মেচত কেৱল বেটাৰ হিচাপে খেলিছিল ছেমছনে। 

আঘাতমুক্ত হৈ উভতিলেও দিল্লী কেপিটেলছৰ বিৰুদ্ধে পুনৰ আঘাত পাইছিল তেওঁ। অ’পেনিঙত তেওঁৰ অভাৱ স্পষ্ট হৈছে। ৭খন মেচত তাৰকাগৰাকীয়ে কৰিছে মুঠ ২২৪ ৰান।

rajasthan royals