/asomiyapratidin/media/media_files/2024/12/28/7SiGb1iIj9UHuueUQOwt.jpg)
চৰকাৰৰ ডাঙৰ সিদ্ধান্তঃ ৯খন জিলা বিলুপ্তি... Photograph: (চৰকাৰৰ ডাঙৰ সিদ্ধান্তঃ ৯খন জিলা বিলুপ্তি...)
ডিজিটেল ডেস্কঃ ৰাজস্থান চৰকাৰে শেহতীয়াকৈ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে ৯খন জিলা আৰু ৩টা সংমণ্ডল ভংগ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। ৰাজ্যখনৰ আৰ্থিক স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তথা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
চৰকাৰে শেহতীয়াকৈ ভংগ কৰা ৯খন জিলা হৈছে- দুডু,কেকৰী, শ্বাহপুৰা, নিমকাথানা, গংগাপুৰ, জয়পুৰ গ্ৰাম্য, যোধপুৰ গ্ৰাম্য, অনুপগড় আৰু চাঞ্চোৰ। উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বৰ অশোক গেহলট চৰকাৰে নতুনকৈ ১৭খন জিলা ঘোষণা কৰিছিল। শেহতীয়াকৈ ভংগ কৰা ৯খন জিলাও এই ১৭খন জিলাৰ অন্তৰ্গত।
বৰ্তমানৰ চৰকাৰে এই জিলাসমূহ ভংগৰ কৰা নিৰ্দেশ জাৰি কৰি উল্লেখ কৰিছে যে, এই জিলাসমূহৰ বাবে চৰকাৰে অতিৰিক্ত বোজা সঁহি আছে। সেয়েহে ৰাইজৰ কোনো অসুবিধা নোহোৱাকৈ সকলো ব্যৱস্থা কৰি এই জিলাসমূহ ভংগ কৰা হৈছে।