/asomiyapratidin/media/media_files/2025/05/02/MK2fJS5fIm3LVscLYv5E.jpg)
ৰাজস্থান ৰয়েলছ
ডিজিটেল ডেস্ক : চলিত ছিজনৰ আই পি এলত হতাশাজনক প্ৰদৰ্শন অৱ্যাহত আছে ৰাজস্থান ৰয়েলছৰ। বিগত সময়ত যিধৰণে দলটো উজলি উঠিছিল, এইবাৰ সেই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব পৰা নাই দলটোৱে।
অৱশ্যে ক্ৰিকেটত কোনো স্থানেই স্থায়ী নহয়, ক্ৰিকেট অনিশ্চিয়তাৰে ভৰা খেল। আজিৰ হিৰ’, কাইলৈ জিৰ’ হৈ যোৱাৰো নজিৰ আছে। উত্থান- পতন ক্ৰিকেটৰ ইপিঠি- সিপিঠি।
উল্লেখ্য যে, শেহতীয়াকৈ গুজৰাট টাইটানছৰ বিৰুদ্ধে হোৱা মেচখনত ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থানে ৰাজকীয় বিজয় সাৱ্যস্ত কৰি আশা সঞ্চাৰ কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে বৃহস্পতিবাৰে মুম্বাই ইণ্ডিয়ানছৰে হোৱা মেচখনত অতি শোচনীয়ভাৱে পৰাজয়বৰণ কৰে ৰাজস্থানে। ১০০ ৰানৰ ব্যৱধানত পৰাস্ত হৈছিল দলটো।
এই পৰাজয়ৰ পাছতে দলটোৰ একপ্ৰকাৰ আই পি এল অভিযানৰ যৱনিকা পৰে। অৱশ্যে বাকী থকা মেচকেইখন মাত্ৰ নিয়ম ৰক্ষাৰহে মেচ হ’ব। দলটোৰ এনে প্ৰদৰ্শনৰ পাছতে ক্ৰিকেট ক্ষেত্ৰৰ বহু কেইগৰাকী অভিজ্ঞ ব্যক্তিয়ে কঠোৰ সমালোচনা কৰিছে।
পিছে এই সমালোচনাক যোগাত্মকভাৱে গ্ৰহণ কৰিছে ফ্ৰেন্সাইজিটোৰ কৰ্তৃপক্ষই। জানিব পৰা মতে, তেওঁলোকে পৰৱৰ্তী ছিজনত ন উদ্যোমেৰে ৰণত নামিব। তেওঁলোকৰ এই পৰাজয়ৰ বাবে আক্ষেপ নাই। এই পৰাজয় দলৰ এটা এটা পাঠ বুলি অভিহিত কৰে।
লগতে উল্লেখ কৰে যে, ৰাজস্থান ৰয়েলছে কেতিয়াও তাৰকা খেলুৱৈ ক্ৰয় কৰাত গুৰুত্ব দিয়া নাই। বৰং ৰাজস্থান ৰয়েলছে ক্ৰয় কৰা উদীয়মাণ খেলুৱৈসকল পাছত গৈ তাৰকা হয়গৈ। কাৰ্যতঃ ৰাজস্থান ৰয়লেছে তাৰকা খেলুৱৈ ক্ৰয়ৰ বিপৰীতে নিৰ্মাণতহে অধিক গুৰুত্ব প্ৰদান কৰে। উদাহৰণ হিচাপে বৈভৱ সূৰ্যবংশীক আঙুলিয়াই দিয়ে কাৰ্যকৰ্তাই।