/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/rape-case-city-bus-for-web-AP-full-no-ad-copy.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্ক: এক দলবদ্ধ বলাৎকাৰৰ ঘটনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাজস্থানত। এগৰাকী ১৫ বছৰীয়া কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই ৰাজনৈতিক মহলতো সৃষ্টি হৈছে আলোড়নৰ।
ৰাজস্থানৰ শাসন চলাই থকা কংগ্ৰেছৰ এগৰাকী বিধায়কৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে বলাৎকাৰৰ অভিযোগ। এই ঘটনাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ বিধায়ক জোহৰী লাল মীনাৰ পুত্ৰ দীপকৰ বিৰুদ্ধে।
দোসা আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ লগত জড়িতৰ অভিযোগত দীপকৰ লগতে মুঠ ৫ জনক গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ পাছতেই শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আটাইকেইজনক।
এই ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীয়ে কয় যে দীপকে তেওঁক হোটললৈ লৈ গৈ এই সমগ্ৰ ঘটনা সংঘটিত কৰে আৰু ভিডিঅ' বনাই ব্লেকমেইল কৰা আৰম্ভ কৰে।
উল্লেখ্যে যে, কিশোৰী গৰাকীৰ পৰা টকাৰ দাবীও কৰিছিল অভিযুক্ত যুৱক কেইজনে। অন্যহাতে ভিডিঅ' ভাইৰেল নকৰিবৰ বাবে ১৫ লাখ টকা আৰু আ-অলংকাৰো দিছিল কিশোৰী গৰাকীয়ে।