কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি ভিডিঅ' ভাইৰেল কৰিলে ৮ যুৱকে...

দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা ।

author-image
Asomiya Pratidin
New Update
মহিলাক পাৰ্কৰ পৰা টানি নি চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ ৪ যুৱকৰ

ডিজিটেল ডেস্ক: দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা । ইয়াৰ মাজতে ৰাজস্থানৰ অলবৰ জিলাৰ পৰা এক হৃদয় বিদাৰক ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি অষ্টম শ্ৰেণীৰ এগৰাকী কিশোৰীৰ লগত দলবদ্ধ ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত হয়।

Advertisment

কেৱল ইমানেই নহয়, ৮ জনকৈ লোকে ১৬ বছৰীয়া কিশোৰী গৰাকী দলবদ্ধ ধৰ্ষণৰ ভিডিঅ' বনাই আৰু কিশোৰী গৰাকীক ব্লেকমেইল কৰি টকা বিচাৰিছিল।কিশোৰী গৰাকীয়ে যুৱক কেইজনক ৫০ হাজাৰ টকা দিয়ে যদিও পাছত টকা দিব নোৱাৰাত ভি়ডিঅ' ভাইৰেল কৰে। তাৰ পাছতেই এই সমগ্ৰ ঘটনা সম্পৰ্কে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে অৱগত হয়।

এই ঘটনাৰ পাছতেই বৃহস্পতিবাৰে(২৯ ছেপ্টেম্বৰ) কিশোৰী গৰাকীৰ পিতৃ আৰু ভাতৃয়ে ৮ যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। কিশোৰী গৰাকীয়ে আৰক্ষীক জনাই যে প্ৰায় ৯ মাহ পূৰ্বে যুৱক কেইজনে কিশোৰী গৰাকীৰ অশ্লীল ফটো তেওঁলোকৰ ওচৰত আছে বুলি মাতি নিছিল। আৰু তাৰ পাছত কিশোৰী গৰাকীৰ কাপোৰ খুলি ভিডিঅ' বনাই ভাইৰেলৰ ভাবুকি দিয়ে। এই ভিডিঅ' ভাইৰেলৰ ভাবুকি দি কিশোৰী গৰাকীক ৮ যুৱকে দলবদ্ধ ধৰ্ষণৰ লগতে ব্লেকমেইল কৰে।

অভিযুক্ত নচীফ, কল্লু, আয়ুব, শৰুফ, সব্বু, চুলেমান, উমৰ, ৰফীকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে। আটাইকেইজন অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে।

RAJASHTHAN crime against women rape case crime