নেৰানেপেৰা বৰষুণৰ ফলত ৰাজস্থানৰ কেইবখনো জিলাত ভয়াৱহ বানঃ ৰেড এলাৰ্ট জাৰি

বিগত কিছুদিন ধৰি অবিৰত ভাৱে দি থকা বৰষুণৰ ফলত ৰাজস্থানৰ বহু অঞ্চলৰ পৰিস্থিতি জটিল হৈ পৰিছে। ৰাজ্যখনৰ কেইবাখনো জিলা বৰ্তমান পানীৰ তলত। বানপানীৰ ফলত মৃত্যু ১২ জনৰ।

author-image
Tushar Pratim
New Update
নেৰানেপেৰা বৰষুণৰ ফলত ৰাজস্থানৰ কেইবখনো জিলাত ভয়াৱহ বানঃ ৰেড এলাৰ্ট জাৰি

ডিজিটেল ডেস্কঃ বিগত কিছুদিন ধৰি অবিৰত ভাৱে দি থকা বৰষুণৰ ফলত ৰাজস্থানৰ বহু অঞ্চলৰ পৰিস্থিতি জটিল হৈ পৰিছে। ৰাজ্যখনৰ কেইবাখনো জিলা বৰ্তমান পানীৰ তলত।

Advertisment

ৰাজ্যখনৰ আটাইতকৈ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছে কোটা, জালৌৰ, পালি, ঢোলপুৰৰ লোকসকল। সমগ্ৰ ৰাজ্যখনতে প্ৰৱল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতি আৰু ইয়াৰ সৈতে জড়িত দুৰ্ঘটনাত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ১২ জন লোকে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ৰাজ্যখনত আৰু কিছু দিনলৈ বৰষুণৰ প্ৰকোপ অব্যাহত থাকিব।

জানিব পৰা মতে যোধপুৰত পথাৰত কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন কৃষকৰ। জিলাখনত এজন ইলেক্ট্ৰিচিয়ানৰো মৃত্যু হয়। ধাৰাসাৰ বৰষুণৰ ফলত পালি জিলাৰ নদী জলপৃষ্ঠ বিপদৰ চিহ্নৰ ওপৰেৰে বৈ গৈছে। 

মঙলবাৰৰ পৰা এই জিলাখনৰ বিদ্যালয়সমূহ বন্ধ হৈ পৰে। পালি চহৰৰ কেইবাখনো ঠাই পানীৰে বুৰ গৈছে। জিলা দণ্ডাধীশ এল এন মন্ত্ৰী আৰু আৰক্ষী অধীক্ষক চুনাৰাম জাটে ট্ৰেক্টৰত উঠি বানপানী হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ দৃশ্যদেখিবলৈ পোৱা গৈছে।

জালৌৰ আৰু যোধপুৰৰ ৰে’লপথত জমা হৈছে পানী। মাৰৱাৰ জংচন আৰু লুনিৰ মাজত বেছিভাগ ঠাইতে ৰে’ল সেৱা বন্ধ হৈ পৰিছে। পালি আৰু মাৰৱাৰ জংচনৰ মাজত চলা ৰে’লৰ সময়ো সলনি কৰা হৈছে। যোধপুৰ আৰু আহমেদাবাদৰ মাজত চলি থকা সাবৰমতী এক্সপ্ৰেছ বাতিল কৰা হৈছে। 

চাম্বল নদীৰ কোটা বান্ধৰ এটা অংশ মুকলি কৰি দুই লাখ কিউচেক পানী এৰি দিয়া হৈছে। ফলত কোটাৰ কেইবাটাও অঞ্চল ডুব গৈছে। ঘৰতে আৱদ্ধ হৈ আছে ১০ হাজাৰ লোক। নদীত মাছ ধৰি থকা অৱস্থাত উটুৱাই নিয়ে ৭ জন লোকক।

পিছত এজন লোকক উদ্ধাৰ কৰা হয় যদিও বাকীসকল এতিয়াও সন্ধানহীন হৈ আছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে কেইবাটাও স্থানত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। কোটাৰ ৰণপুৰত এগৰাকী কলেজীয়া ছোৱালীয়ে স্কুটিৰে গৈ থকাৰ সময়তে পানীৰ সোঁতে উটুৱাই লৈ যায়।

পিছত তেওঁক উদ্ধাৰ কৰা হয় যদিও তেওঁৰ প্ৰাণ ৰক্ষা নপৰিল।পাৰ্বতী নদীৰ বুকুত বুৰ গৈছে ধোলপুৰ। ইয়াৰ কমেও ১২খন গাঁও পানীৰ তলত। ইয়াত তিনিজন লোকক উটুৱাই লৈ গৈছে সোঁতে। মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই জিলা দণ্ডাধীশসকলক সজাগ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে। কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। অহা ৪৮ ঘণ্টাৰ বাবে ভিলৱাৰা, ছিৰোহী, বৰাণ, টংকত বৰষুণৰ বাবে অৰেঞ্জ সতৰ্কতা জাৰি কৰা হৈছে।

বানপানী ৰাজস্থান