প্ৰসূতিৰ মৃত্যু বাবেই চিকিৎসকৰ বিৰুদ্ধে হত্যাৰ গোচৰ; বাছি ল’লে চৰম পন্থা…

প্ৰসূতিৰ মৃত্যু বাবেই চিকিৎসকৰ বিৰুদ্ধে হত্যাৰ গোচৰ; বাছি ল’লে চৰম পন্থা…

author-image
asomiyapratidin
New Update
প্ৰসূতিৰ মৃত্যু বাবেই চিকিৎসকৰ বিৰুদ্ধে হত্যাৰ গোচৰ; বাছি ল’লে চৰম পন্থা…

ডিজিটেল ডেস্ক: ৰাজস্থানৰ এগৰাকী চিকিৎসকৰ মৃত্যুৰ পিছচতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। ৰাজস্থানৰ দোসাত এগৰাকী মহিলা চিকিৎসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰা হৈছিল। তাৰ পাছতেই আত্মহত্যা কৰে চিকিৎসক গৰাকীয়ে। এই সন্দৰ্ভত বুধবাৰে ৰাজস্থানৰ চিকিৎসক সকলে প্ৰতিবাদ সাব্যস্ত কৰিব।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি ২২ বছৰীয়া এগৰাকী মহিলা প্ৰসৱৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছিল কিন্তু অত্যাধিক ৰক্তচাপৰ ফলত মহিলা গৰাকীৰ মৃত্যু হয়। এই ঘটনা সন্দৰ্ভত চিকিৎসক অৰ্চনা শৰ্মাৰ ওপৰত হত্যাৰ অভিযোগত গোচৰ ৰুজু কৰা হয়।

অভিযোগ অনুসৰি আৰক্ষীৰ নিৰ্যাতন সহিব নোৱাৰি চিকিৎসক গৰাকীয়ে আত্মহত্যাৰ পথ বাছি লয়।তদুপৰি হস্পাতালৰ সন্মুখত কংগ্ৰেছ নেতাকে ধৰি বহুজনে কৰা প্ৰতিবাদৰ ফলত তেওঁ মানসিক ভাৱে ভাগি পৰে।

অভিযোগ অনুসৰি মহিলা চিকিৎসক গৰাকীয়ে কেইবাবাৰো আৰক্ষীৰ সহায় বিচাৰে যদিও আৰক্ষীয়ে তেওঁক কোনো ধৰণৰ সহায় নকৰিলে। তাৰ পাছতেই তেওঁ আত্মহত্যাপ পথ বাছি লয়। এই ঘটনাৰ ওপৰত ভিত্তি কৰিয়েই আজি ৰাজস্থানত চিকিৎসক সকলে ধৰ্মঘট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত কংগ্ৰেছ নেতাৰ ওপৰতো বিভিন্ন অভিযোগ উত্থাপন হৈছে। কিয়নো কংগ্ৰেছ নেতাৰ পৰামৰ্শ মৰ্মেই হত্যাৰ গোচৰ ৰুজু হৈছিল মহিলা চিকিৎসক গৰাকীৰ বিৰুদ্ধে।

doctor rajasthan suicide protest