ৰাজস্থানৰ বহনক্ষম কৃষি পদ্ধতিৰ বিষয়ে আপুনি জানেনে?

প্ৰত্যাহ্বানমূলক জলবায়ুৰ পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই ৰাজস্থানৰ কৃষকসকলেও খৰাং প্ৰতিৰোধী শস্যৰ খেতি কৰিছে যিবোৰ শুকান পৰিৱেশৰ বাবে উপযোগী। ৰাজস্থান দেশৰ ভিতৰতে সৰ্বাধিক বাজৰা উৎপাদনকাৰী ৰাজ্য।

author-image
Asomiya Pratidin
New Update
qew

ডিজিটেল ডেস্কঃ  দেশৰ কৃষক সকলৰ দুৰ্দশা আমি সময়ে সময়ে প্ৰত্যক্ষ কৰি আহিছো। কৃষক সকলৰ উৎপাদন বৃদ্ধিৰ বাবে আটাইতকৈ প্ৰয়োজনী হৈ পৰিছে এক উপযুক্ত কৃষি প্ৰণালী। যি প্ৰণালীয়ে মাটিৰ উৎপাদন ক্ষমতাও সকলো সময়তে অটুত ৰাখিব পাৰে।

Advertisment

এই ক্ষেত্ৰত ৰাজস্থানৰ জনজাতীয় এলেকাৰ কৃষি প্ৰণালীৰ বিষয়ে আলোচনা কৰাতো অতি প্ৰয়োজন। কাৰণৰাজ্যখনৰ জনজাতীয় এলেকাৰ লোকসকলে পৰম্পৰাগত ভাৱে এনে এটা কৃষি পদ্ধতি ব্যৱহাৰ কৰি আহিছে, যাৰ কৃষিৰ কৌশলবোৰ অধিক বহনক্ষম।

ৰাজস্থানত ঘেঁহু বা গম খেতি যথেষ্ট প্রচলিত। উত্তৰ-পশ্চিম ভাৰতত বিস্তৃত এই অঞ্চলত, গম, জৱাৰ, দালি আৰু তৈলবীজৰ লগতে ঘেঁহু খেতিও ব্যাপকভাৱে কৰা হয়। ৰাজস্থানৰ জনজাতীয় লোক সকলে উৎপাদন বৃদ্ধিৰ বাবে মাহ জাতীয় শস্যৰ খেতিক অধিক অগ্ৰাধিকাৰ দিয়ে। এই সময়ছোৱাত মাহ জাতীয় শস্যৰ খেতি কৰিলে কেৱল মাটিৰ উৰ্বৰতা ধৰি ৰখাই নহয়, ইয়াৰ দ্বাৰা লাভজনক উৎপাদন লাভ কৰিব পাৰি বুলি তেওঁলোকৰ বিশ্বাস।

যিকোনো খেতিৰ বাবে জলসিঞ্চনৰ সুবিধা উপলব্ধ হোৱাতো অতি প্ৰয়োজন। ৰাজস্থানৰ কৃষকসকলে এতিয়া পৰম্পৰাগত খেতিৰ সমান্তৰালকৈ অধিক লাভজনক খেতি কৰি আছে, য’ত তেওঁলোকে ইছাবগোল আৰু জিৰাৰ দৰে ঔষধি উদ্ভিদক অধিক অগ্ৰাধিকাৰ দিয়ে। যাৰ বাবে জিলাখনত ঔষধি উদ্ভিদৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে। 

প্ৰত্যাহ্বানমূলক জলবায়ুৰ পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই ৰাজস্থানৰ কৃষকসকলেও খৰাং প্ৰতিৰোধী শস্যৰ খেতি কৰিছে যিবোৰ শুকান পৰিৱেশৰ বাবে উপযোগী। ৰাজস্থান দেশৰ ভিতৰতে সৰ্বাধিক বাজৰা উৎপাদনকাৰী ৰাজ্য। ইয়াৰ উপৰিও গ্ৰীষ্মকালত জলসিঞ্চিত সেউজীয়া খাদ্য হিচাপেও খেতি কৰা হয়।

দেশত কুঁহিয়াৰ খেতিৰ ক্ষেত্ৰতো ৰাজস্থান বহু আগবাঢ়ি আছে। ৰাজস্থানে হৈছে কুঁহিয়াৰৰ আটাইতকৈ ডাঙৰ মাটিকালি, ১০ লাখ হেক্টৰত হোৱা কুঁহিয়াৰ খেতিৰ উৎপাদন ১১ লাখ টন আৰু উৎপাদনশীলতা ১১০০ কিলোগ্ৰাম প্ৰতি হেক্টৰ।

এই ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মাহ শস্য হৈছে কাবুলী। ৪.৭৯ লাখ টন উৎপাদন আৰু গড় উৎপাদনশীলতা ৪৪৩ কিলোগ্ৰাম। প্ৰতি হেক্টৰত ১০.৮২ লাখ হেক্টৰ এলেকাত ইয়াত উৎপাদিত কাবুলীয়ে দেশত এক সুকীয়া স্থান দখল কৰিছে।

ৰাজস্থান